ব্যৱসায়িক প্ৰতিষ্ঠানৰ চতুৰ্থ মহলাত ভয়ংকৰ অগ্নিকাণ্ড
November 11, 2020নিউজ ডেস্ক। দীপান্বিতা উদযাপনৰ প্ৰস্তুতিক লৈ ৰাজ্যবাসী ব্যস্ত থকাৰ মাজতে এক ভয়ংকৰ অগ্নিকাণ্ডৰ ঘটনাই তিনিচুকীয়া চহৰৰ বাসিন্দাসকলক চিন্তিত কৰি তােলে।
তিনিচুকীয়াৰ সদাব্যস্ত এছ আৰ লোহিয়া পথত থকা ব্যৱসায়িক প্ৰতিষ্ঠান সত্যম টাৱাৰৰ চতুৰ্থ মহলাত মংগলবাৰে দুপৰীয়া প্ৰায় ২ বজাত ভয়ংকৰ অগ্নিকাণ্ডৰ সূত্ৰপাত ঘটে।
জানিব পৰা মতে, যান-বাহনৰ যন্ত্ৰাংশ, কেমিকেল টায়াৰ, লুব্ৰিকেণ্ট আদি মজুত থকা একাধিক গুদামত উক্ত অগ্নিকাণ্ড সংঘটিত হয়।
অগ্নিকাণ্ড সূত্ৰপাত হোৱাৰ লগে লগে ব্যস্ত পথটোত থকা সকলো ব্যৱসায়িক প্ৰতিষ্ঠানৰ লগতে পথচাৰীৰ মাজত হুৱাদুৱা লাগে।
সত্যম টাৱাৰৰ চতুৰ্থ মহলাৰ সমগ্ৰ এলেকাটো ক’লা ধোঁৱাই আৱৰি ধৰে। আনকি বহু কিলােমিটাৰ দূৰত্বৰ পৰাও কলা ধােঁৱা প্ৰত্যক্ষ কৰা হয়।
ঘটনাৰ খবৰ পোৱাৰ লগে লগে জিলাখনৰ আৰক্ষী অধীক্ষক শিলাদিত্য চেতিয়াসহ আৰক্ষীৰ দল উপস্থিত হৈ পৰিস্থিতি পৰ্যৱেক্ষণ কৰাৰ লগতে অগ্নিনিৰ্বপক বাহিনীৰ পাঁচখন গাড়ীয়ে জুই নিয়ন্ত্ৰণৰ চেষ্টা চলায়।
অইল ইণ্ডিয়া দুলীয়াজান আৰু ডিগবৈ ৰিফাইনেৰীৰপৰাও অগ্নিনিৰ্বাপক বাহিনীৰ গাড়ী উপস্থিত হৈ জুই নিয়ন্ত্ৰণত সহায় কৰে।
উক্ত অগ্নিকাণ্ডৰ ফলত চতুৰ্থ মহলাত থকা আটাইবোৰ গুদামেই জুইত জাহ গৈছে বুলি জানিব পৰা গৈছে।