ব্যৱসায়িক প্ৰতিষ্ঠানৰ পৰা চােৰে নিলে ৫ লক্ষাধিক টকা, CCTV কেমেৰাত বন্দী চুৰিকাণ্ড

August 1, 2021 0 By NEWS DESK

নিউজ ডেস্ক। কামৰূপ জিলাৰ হাজোৰ একাদিত নিশা চাঞ্চল্যকৰ চুৰিকাণ্ড।

খিৰিকীৰ গ্ৰিল ভাঙি চুৰে নিলে নগদ ৫ লাখ ৫০ হাজাৰ টকা।

এই সমগ্ৰ দৃশ্য বন্দি হৈছে চি চি টিভি কেমেৰাত।

হাজোৰ একাদিৰ মমতাজ এণ্টাৰপ্ৰাইজত সংঘটিত হৈছে এই চুৰি কাণ্ড।

ইতিমধ্যে চিচিটিভিৰ কেমেৰাত আবদ্ধ হৈছে এই চুৰি কাণ্ডৰ সমগ্ৰ ঘটনা।

একাদিৰ মমতাজ এণ্টাৰপ্ৰাইজৰ কাৰ্যালয়ৰ খিৰীকিৰ গ্ৰিল কাটি চুৰে লুটি নিলে নগদ ৫ লাখ ৫০ হাজাৰ টকাৰ লগতে কাৰ্যালয়টোৰ বহুতো প্ৰয়োজনীয় নথিপত্ৰ।

এই সন্দৰ্ভত প্ৰতিষ্ঠানখনৰ স্বাত্বাধিকাৰী মমতাজ আলীয়ে হাজো আৰক্ষী থানাত অৱগত কৰিছে।