ব্লেক মেন আতংক! নিশা ৰাজপথলৈ ওলাই আহিল শ শ লোক, উত্তপ্ত পৰিস্থিতি…
July 25, 2021বঙাইগাঁৱত ব্লেক মেনৰ আতংক।
নিশা বঙাইগাঁৱত ৰাজপথলৈ ওলাই আহিল শ শ লোক৷
ক’লা মানুহৰ সন্দেহত ৰাইজে খেদি খেদি আটক কৰে তিনিটাকৈ গভাইত চোৰক৷
ক’লা মানুহৰ ওলোৱাৰ সন্দেহত উত্তৰ বঙাইগাঁৱৰ কচাইপট্টিত নিশা সংঘটিত হয় উত্তপ্ত পৰিস্থিতিৰ।
উল্লেখযোগ্য যে বঙাইগাঁৱৰ বিভিন্ন প্ৰান্তত ক’লা মানুহৰ আতংক চলি থকাৰ ফলত স্থানীয় ৰাইজে নিজ নিজ অঞ্চলত পহৰাৰ ব্যৱস্থা কৰিছে৷
ইয়াৰ মাজতে নিশা ৰে’লৱে কলনীৰ কাৰ্লভাৰ্ট এটাৰ তলত কেইজনমান যুৱকে সোমাই থকা স্থানীয় লোকসকলে প্ৰত্যক্ষ কৰে৷
লগে লগে অঞ্চলটোত ক’লা মানুহ ওলোৱা বুলি চিঞৰ-বাখৰ লাগে আৰু খেদি খেদি গৈ তিনিওজনকে কৰায়ত্ত কৰে।
পৰৱৰ্তী সময়ত আৰক্ষীৰ লোক উপস্থিত হৈ তিনি যুৱকক থানালৈ নিয়ে।
আৰক্ষীয়ে ধৃত যুৱক তিনিজন গেভাইত চোৰ বুলি জানিবলৈ দিয়াৰ লগতে উৰা বাতৰিক গুৰুত্ব নিদিবলৈ আহ্বান জনায়৷