ব্ৰইলাৰ ফাৰ্মত সোমাল নাহৰফুটুকী, ৮ ঘন্টা যুঁজিও বাঘ ধৰাত ব্যৰ্থ বন বিভাগ

January 4, 2022 0 By NEWS DESK

গোহালি নহয়; এইবাৰ ব্ৰইলাৰ ফাৰ্মত সোমাল বাঘ।

দৰঙৰ ছিপাঝাৰৰ শ’লপাম গাৱৰ কমল নাথ নামৰ ব্যক্তিজনৰ ব্ৰয়লাৰ ফাৰ্মৰ ভিতৰত সোমবাৰে সন্ধিয়া এটা নাহৰফুটুকী বাঘে অৱস্থান কৰা প্ৰত্যক্ষ কৰে।

বাঘটো প্ৰত্যক্ষ কৰাৰ পিছতেই তীব্ৰ আতংক বিৰাজ কৰে গাওঁখনত।

লগে লগে ছিপাঝাৰ আৰক্ষী থানা আৰু বন বিভাগক খবৰ দিয়ে যদিও বহু পলমকৈ কুৰুৱা ৰেঞ্জাৰ বিষয়াৰ নেতৃত্বত এটা দল বাঘ ধৰাৰ সা-সৰঞ্জাম অবিহনেই উপস্থিত হয় খালী হাতেৰে৷

গাঁৱৰ ৰাইজৰ সহযোগত বন বিভাগৰ দলটোৱে ভলীবলৰ নেট সংগ্ৰহ কৰি বাঘটো ধৰিবলৈ চেষ্টা চলায়৷

কিন্তু নেটেৰে বাঘটো ধৰিবলৈ লওতেই পলাই পত্ৰং দিয়ে নাহৰফুটুকীটোৱে৷

বাঘ ধৰাত বনবিভাগৰ দলটো ব্যৰ্থ হোৱাৰ পিছত উত্তেজিত ৰাইজে কুৰুৱা ৰেঞ্জাৰ বিষয়াক আৱদ্ধ কৰি ৰাখে৷

কেৱল নেটেৰে বাঘটো ধৰিবলৈ চেষ্টা চলোৱা কাৰ্যক ৰাইজে এক নাটক আখ্যা দিয়ে৷

বন বিভাগৰ দলটোৰ অনভিজ্ঞতাৰ বাবে বাঘটো পলাই যাবলৈ সক্ষম হোৱা বুলি ৰাইজে অভিযোগ তোলে৷

বন বিভাগৰ ব্যৰ্থতাক ধীক্কাৰ দিয়ে গাঁওবাসী ৰাইজে।