বড়ােভূমিত নৱগঠিত ইউ এল বি উগ্ৰপন্থী সংগঠনৰ ১২ কেডাৰৰ আত্মসমৰ্পণ
September 30, 2021নিউজ ডেস্ক। ওদালগুৰি জিলাৰ ডিমাকুছি থানাত ১২ জন ইউ এল বি উগ্ৰপন্থীয়ে আত্মসমৰ্পণ।
চৰকাৰৰ সৈতে হোৱা আলোচনাৰ পৰিপ্ৰেক্ষিতত আত্মসমৰ্পণ কৰা উগ্ৰপন্থী সংগঠনটোৰ কেডাৰকেইজনে এটা হেণ্ড গ্ৰেনেড আৰক্ষীক জমা দিয়ে।
সশস্ত্ৰ সংগঠনটোৰ দুই এৰিয়া কামাণ্ডাৰ শুকৰাম বড়ো আৰু প্ৰাণজিৎ বড়োৰ নেতৃত্বত ১২ জন কেডাৰে ডিমাকুছি থানাৰ অন্তৰ্গত বাদলাপাৰা চাহ বাগিচাৰ সমীপত ওদালগুৰি জিলাৰ উপ-আৰক্ষী অধীক্ষক বিদ্যুৎ দাস বড়োৰ তত্ত্বাৱধানত আত্মসমৰ্পণ কৰে।
আত্মসমৰ্পণকাৰী সদস্যকেইজন ক্ৰমে- কোকৰাঝাৰৰ মৰ্ডান ব্ৰহ্ম (২৩), ধৰ্মচান্দ ব্ৰহ্ম (২৩),ছুদেন ব্ৰহ্ম (১৯), ফুংকা ব্ৰহ্ম (২২), হিৰাম্ব বসুমতাৰী (২৫), প্ৰিঞ্জিৎ বসুমতাৰী (২৭), বাক্সাৰ প্ৰেমজনিত বড়ো (২০), শুক্ৰাম বড়ো (২৮), কমলা বড়ো (২৪), ওদালগুৰিৰ উৎপল দৈমাৰী (২৩), ৰিতু দৈমাৰী(২৩) আৰু চিৰাঙৰ লাওগা ব্ৰহ্ম (২৪)।
Appreciate the decision of all cadres & leaders of the newly formed ULB group to shun violence and return to mainstream today.
— Pramod Boro (@PramodBoroBTR) September 29, 2021
Thankful to Hon'ble CM Dr @himantabiswa for realising the vision of Hon'ble PM @narendramodi for a peaceful Assam & BTR.@assampolice@gpsinghips pic.twitter.com/pLh3HUM46Q
ইতিমধ্যে আত্মসমৰ্পণকাৰী কেডাৰকেইজনক কঠোৰ নিৰাপত্তাৰ মাজেৰে গুৱাহাটীলৈ প্ৰেৰণ কৰা হৈছে।
কিছুদিন পূৰ্বে বাক্সা ওদালগুৰিৰ সীমান্তত দুই ইউ এল বি কেডাৰ আৰক্ষীৰ জালত পৰিছিল।