বড়োভূমিত পুনৰ অস্ত্ৰসহ আটক চাৰি সন্দেহযুক্ত উগ্ৰপন্থী…
July 17, 2021বড়োভূমিত পুনৰ অস্ত্ৰসহ আটক চাৰি সন্দেহযুক্ত উগ্ৰপন্থী।
ওদালগুৰিৰ ডিমাকুছিৰ টেংকিবস্তিৰ পৰা আটক কৰে এছ এছ বিয়ে।
ধৃত যুৱক কেইজনৰ পৰা এছ এছ বিয়ে তিনিটা হস্তনিৰ্মিত বন্দুক,তিনিটা মোবাইল ফোন, এখন নম্বৰ প্লেটবিহীন স্কুটী আৰু কিছু আপত্তিজনৰ নথিপত্ৰ উদ্ধাৰ কৰে।
এছ এছ বিৰ অভিযানত আটক হোৱা ধৃত যুৱক কেইজন ডিমাকুছি থানাৰ অন্তৰ্গত গালাচুৱাৰ দৈমালু বড়ো, ২ নং ভোলাটাৰৰ অদুলাম্বি গয়াৰি, ২ নং শিঙিমাৰীৰ শুকৰাম বড়ো আৰু খৈৰাবাৰী থানাৰ অন্তৰ্গত ৰামগাঁৱৰ অৰূপ বড়ো বুলি জানিব পৰা গৈছে৷
অবশ্যে যুৱক কেইজন কোন উগ্ৰপন্থী সংগঠনৰ লগত জড়িত, সেয়া এতিয়াও জানিব পৰা হোৱা নাই।
ইতিমধ্যে ডিমাকুছি আৰক্ষীয়ে অধিক তথ্যৰ বাবে যুৱক কেইজনৰ ওপৰত মাৰাথান জেৰা অব্যাহত ৰাখিছে৷