বৰছিং বে’ক আনুষ্ঠানিকভাৱে নিযুক্তি পত্ৰ প্ৰদান কৰিলে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই…

June 26, 2021 0 By Biraj Kalita

সততাৰ পুৰস্কাৰ পালে হোমগাৰ্ড বৰছিং বে’ই।

আনুষ্ঠানিকভাৱে কনিষ্টবলৰ নিযুক্তি পত্ৰ প্ৰদান কৰিলে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই।

কিছুদিন পূৰ্বে অকলেই প্ৰায় ১২ কোটি টকাৰ ড্ৰাগছ জব্দ কৰিছিল বৰছিং বে।

মণিপুৰৰ ইম্ফলৰ পৰা গুৱাহাটী অভিমুখী এখন নৈশ বাছত অকলেই তালাচী চলাই ড্ৰাগছখিনি জব্দ কৰিছিল বৰছিং বে।

তাৰ পিছতেই অসম আৰক্ষীৰ তৰফৰ পৰা তেওঁক সম্বৰ্ধনা জনোৱাৰ লগতে ১ লাখ টকাৰ পুৰস্কাৰ দিছিল।

ইফালে অসম আৰক্ষীৰ তৰফৰ পৰা বৰছিং বেক অসম আৰক্ষীত নিযুক্তি দিয়াৰ বাবে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মালৈ পত্ৰ প্ৰেৰণ কৰিছিল আৰু মুখ্যমন্ত্ৰীয়ে কেবিনেট যোগে বৰছিং বেক কনিষ্টবল হিচাপে নিযুক্তি দিয়াৰ ঘোষণা কৰিছিল।

সেই অনুসৰি শনিবাৰে বৰছিং বে’ক আনুষ্ঠানিক ভাৱে নিযুক্তি পত্ৰ প্ৰদান কৰে মুখ্যমন্ত্ৰীয়ে।