বৰঝাৰস্থিত আঞ্চলিক বতৰ বিজ্ঞান কেন্দ্ৰৰ ৰূপালী জয়ন্তী বৰ্ষ উপলক্ষে ৱেবিনাৰ সম্পন্ন…

April 2, 2022 0 By Biraj Kalita

শুকুৰবাৰে গুৱাহাটীৰ বৰঝাৰস্থিত আঞ্চলিক বতৰ বিজ্ঞান কেন্দ্ৰৰ ৰূপালী জয়ন্তী উপলক্ষ্যে অনুষ্ঠিত হয় এখন ৱেবিনাৰ।

বতৰ বিজ্ঞান কেন্দ্ৰৰ বিজ্ঞানী ড০ হিমাদ্ৰী বৈশ্যই ৱেবিনাৰত অংশগ্ৰহণ কৰা সকলক আদৰণি জনোৱাৰ পিছত আদৰণি ভাষণ প্ৰদান কৰে ড° সঞ্জয় অ’ নীলে শ্বাৱে।

আঞ্চলিক বতৰ বিজ্ঞান কেন্দ্ৰটোৰ অতীত, বৰ্তমান আৰু ভৱিষ্যতৰ বিভিন্ন কাম-কাজ আৰু পৰিকল্পনা সম্পৰ্কে ৱেবিনাৰত বিশেষ ব্যাখ্যা আগবঢ়ায় কেন্দ্ৰটোৰ মুৰব্বী কে এন মোহনে। ৱেবিনাৰত সন্মানীয় অতিথি হিচাপে উপস্থিত থাকি ভাৰতীয় বতৰ বিজ্ঞান বিভাগৰ উপ-মহাপ্ৰৱন্ধক ড০ এম মহাপাত্ৰই কেন্দ্ৰটোৰ বিষয়া-কৰ্মচাৰীক ৰূপালী জয়ন্তী বৰ্ষৰ শুভকামনা জ্ঞাপন কৰে।

ড০ এম মহাপাত্ৰই অনুষ্ঠানত ভাষণ প্ৰদান কৰি উত্তৰ-পূৰ্বাঞ্চলৰ বতৰৰ বিভিন্ন বিষয় উল্লেখ কৰাৰ লগতে অঞ্চলটোত বতৰৰ আগজাননী প্ৰদানৰ ক্ষেত্ৰত সম্মুখীন হোৱা প্রত্যাহ্বান আৰু দুর্যোগ সন্দৰ্ভত মত ব্যক্ত কৰে। বতৰ বিজ্ঞান মন্ত্ৰালয়ৰ সচিব ড০ এম ৰবিচন্দ্ৰনে এই ৱেবিনাৰত মুখ্য অতিথি হিচাপে অংশগ্রহণ কৰে।

বতৰ বিজ্ঞান কেন্দ্ৰটোৰ বিষয়া-কৰ্মচাৰীসকলক ২৫ সংখ্যক বৰ্ষপূতিৰ শুভেচ্ছা জ্ঞাপন কৰি ড০ এম ৰবিচন্দ্ৰনে কয় যে অঞ্চলটোত বতৰ বিজ্ঞান সেৱাৰ মান অধিক উন্নত কৰাৰ বাবে বিভিন্ন ৰাজ্য কর্তৃপক্ষ আৰু অন্যান্য অংশীদাৰসমূহৰ পৰা সঠিক তথ্য লাভ কৰাটো অত্যন্ত গুৰুত্বপূৰ্ণ।

ছ’চিয়েল মিডিয়াৰ ব্যৱহাৰৰ জৰিয়তে বতৰ বিজ্ঞানৰ আগজাননীৰ তথ্য ৰাইজৰ মাজত প্ৰচাৰ কৰাৰ ক্ষেত্ৰত গুৰুত্ব আৰোপ কৰিবলৈ আহ্বান জনায় বতৰ বিজ্ঞান মন্ত্ৰালয়ৰ সচিবগৰাকীয়ে। ৱেবিনাৰৰ শেষত কেন্দ্ৰটোৰ বিজ্ঞানী শোণিত দাসে শলাগৰ শৰাই আগবঢ়ায়।