বৰপেটাৰ শিলগাঁৱত শ শ পক্ষীৰ মৃত্যু হোৱা ঘটনাৰ উচ্চ পৰ্যায়ৰ তদন্তৰ নিৰ্দেশ বনমন্ত্ৰীৰ…

July 22, 2021 0 By Biraj Kalita

বৰপেটাৰ শিলগাঁৱত শ শ পক্ষীৰ মৃত্যু হোৱা ঘটনাৰ উচ্চ পৰ্যায়ৰ তদন্তৰ নিৰ্দেশ বনমন্ত্ৰী পৰিমল শুক্লবৈদ্যৰ।

বৰপেটাৰ জিলাৰ বহৰি শিলাগাঁৱত সোমবাৰে শ শ চৰাই ৰাসায়নিক দ্ৰব্য দিয়া বিষাক্ত শস্য খাই মৃত্যু হোৱাৰ সন্দেহত ঘটনাৱলী অনুসন্ধানৰ কাৰণে এক উচ্চ পৰ্যায়ৰ তদন্ত ঘোষণা কৰা হৈছে।

পৰিৱেশ আৰু বনমন্ত্ৰী পৰিমল শুক্লবৈদ্যই মুখ্য বন্যপ্ৰাণী ৱাৰ্ডেন আৰু মুখ্য বন সংৰক্ষক (বন্যপ্ৰাণী) ক এই ঘটনাৰ তদন্ত কৰি তাৎক্ষণিক ভাৱে প্ৰতিবেদন দাখিল কৰিবলৈ নিৰ্দেশ দিয়ে।

উল্লেখ্য যে মুখ্যমন্ত্ৰীয়েও এই ঘটনা সন্দৰ্ভত নজৰ ৰাখিছে আৰু পৰিৱেশ আৰু বনমন্ত্ৰীক এই ক্ষেত্ৰত প্ৰয়োজনীয় সকলো পদক্ষেপ লবলৈ নিৰ্দেশ দিছে।

ইতিমধ্যে ঘটনা সন্দৰ্ভত এক গোচৰ ৰুজু কৰি মান্নান আলী নামৰ এজন লোকক আটক কৰা হৈছে।

আনহাতে মৃত্যুমুখত পৰা চৰাইসমূহক মৰণোত্তৰ পৰীক্ষাৰ বাবে প্ৰেৰণ কৰা হৈছে।