বৰপেটা চিকিৎসা মহাবিদ্যালয়ত পুনৰ কৰ’ণাত আক্ৰান্ত এগৰাকী লোকৰ মৃত্যু

April 23, 2021 0 By Biraj Kalita

ৰাজ্যত ক্ৰমাৎ জটিল হৈছে কৰ’ণাৰ সংক্ৰমণ।

প্ৰতিদিনে ধাৰাবাহিকভাৱে বৃদ্ধি হৈছে কৰ’ণাত আক্ৰান্ত হোৱা লোকৰ সংখ্যা।

বৰপেটা চিকিৎসা মহাবিদ্যালয়ত শুকুৰবাৰে পুনৰ এজন কোভিড-১৯ত আক্ৰান্ত লোকৰ মৃত্যু হয়।

মৃত্যু হোৱা লোক গৰাকী কোকৰাঝাৰ জিলাৰ গোঁসাইগাঁওৰ কাঞ্চৰণ ব্ৰহ্ম বুলি জানিব পৰা গৈছে৷

৬২ বছৰীয়া লোকজনৰ দেহত কোভিড-১৯ৰ উপস্থিতি ধৰা পৰাৰ পিছতে বৃহস্পতিবাৰে বৰপেটা চিকিৎসা মহাবিদ্যালয়ত ভৰ্তি কৰা হৈছিল৷

পিছলৈ তেওঁক আই চি ইউত ভেণ্টিলেটৰত ৰখা হয় যদিও শুকুৰবাৰে ব্যক্তিগৰাকীৰ মৃত্যু হয়।

উল্লেখ্য যে, যোৱা ২১ এপ্ৰিলৰ দিনা কৰ’ণাত আক্ৰান্ত হৈ বৰপেটাৰোডৰ লক্ষী সাহা নামৰ এগৰাকী মহিলাৰ মৃত্যু হৈছিল।