বৰপেটা চিকিৎসা মহাবিদ্যালয় হাস্পতালত পুনৰ কৰ’ণাই প্ৰাণ ল’লে দুজন লোকৰ

April 28, 2021 0 By Biraj Kalita

ৰাজ্যত ভয়াৱহ ৰূপ ধাৰণ কৰিছে মাৰাত্মক কৰ’ণা ভাইৰাছে।

সংক্ৰমণৰ সমান্তৰালকৈ প্ৰতিদিনে উদ্বেগজনকভাৱে বৃদ্ধি হৈ আছে কৰ’ণাত আক্ৰান্ত হোৱা লোকৰ সংখ্যা।

বৰপেটা চিকিৎসা মহাবিদ্যালয় হাস্পতালত পুনৰ কৰ’ণাত আক্ৰান্ত হৈ মৃত্যু হ’ল দুজন লোকৰ।

মৃত্যু হোৱা লোক দুজন বৰপেটা চহৰৰ সমীপৱৰ্তী ভেল্লা নিবাসী তাইজুৰ ৰহমান(৬৫) আৰু সৰ্থেবাৰী অঞ্চলৰ ৰাউলী ভকুৱা টেপাৰ জ্যোতিষ নাথ(৪৮) বুলি জানিব পৰা গৈছে৷

দুয়োগৰাকীয়ে কিছুদিন পুৰ্বে কোভিডত আক্ৰান্ত হৈছিল৷

পৰৱৰ্তী সময়ত দুয়োজনকে বৰপেটা চিকিৎসা মহাবিদ্যালয় হাস্পতালত ভৰ্তি কৰা হয়৷

দুয়োৰো স্বাস্থ্যৰ অধিক অৱনতি হোৱাত আই চি ইউত ভৰ্তি কৰা হৈছিল যদিও দুয়োজনে মৃত্যুক সাৱটি ল’ব লগা হয়৷