বৰুণ দেৱতাক সন্তুষ্ট কৰিবলৈ সম্পন্ন হ’ল ভেকুলীৰ বিয়া!
October 24, 2021বৰুণ দেৱতাক সন্তুস্ত কৰিবলৈ নাজিৰাত ভেকুলীৰ বিয়া।আধুনিকতাৰ ধুম-ধামৰ মাজতো ৰাইজে বৰষুণ বিচাৰি পাতিলে ভেকুলীৰ বিয়া। অসম মূলত কৃষিপ্ৰধান দেশ। কৃষিৰ বাবে প্ৰয়োজন পানীৰ বাবে খেতিয়কসকলে প্ৰায় পানীৰ ওপৰত নিৰ্ভৰ কৰিবলগীয়া হয়।
কেতিয়াবা খেতিৰ ভৰপক সময়তো বতৰ খৰাং হয় আৰু পথাৰে চিৰাল ফাট মেলে। বিগত সময়ছোৱাত দেখ গৈছে যে প্ৰকৃতিয়েও লৈছে অন্য ৰূপ। ঠায়ে ঠায়ে নাই বৰষুণ, ফলত প্ৰখৰ ৰ’দ, পথাৰত নাই পানী। বৰষুণৰ বাবে ভেকুলীৰ বিয়া পাতিলে নাজিৰাৰ কপোহুৱা গাঁও আৰু ৰেৱতী কপোহুাৱা ৰাইজে। বহুদিন ধৰি বৰষুণ নোহোৱাৰ বাবে খএতি পথাৰত উপযুক্ত পানী নোপোৱাৰ বাবেই কৃষি পথাৰ শুকাই যোৱাত পানীৰ বাবে নাজিৰা কপোহুৱা আৰু ৰেৱতী কপোহুৱা গাঁও বাসীয়ে জীয়াতু ভুগিব লগীয়া হৈছে।
গাঁওখনৰ ৰাইজৰ বিশ্বাস যে ভেকুলীৰ বিয়া সম্পন্ন হ’লেই বৰষুণ দিব। বৰুণ দেৱতা সন্তুষ্ট হ’লেই বৰষুণ আহিব। আকৌ জিপাল হ’ব ধৰিত্ৰী। সেই উদ্দেশ্যেৰে অধুনিকতাৰ যুৱগতো সকলো পাহৰি অতিজৰে পৰা কপোহুৱা গাঁও আৰু ৰেৱতী কপোহুৱা গাঁওবাসীয়ে পালন কৰি আহিছে ভেকুলীৰ বিয়া। এই বিয়াখনতেই দেখা গ’ল দুটাকৈ ভেকুলীক নোৱাই-ধুৱাই বিয়াৰ বাবে ৰাইজে দ’ৰা-কইনা সাজু কৰায়। সচৰাচৰ বিয়াৰ দৰেই ভেকুলীৰ বিয়াতো জোৰণ দিয়া, পানী তুলি বিয়া নাম গায় উৰুলিধ্বনীৰে ৰাইজে ভোজভাত খায় সম্পন্ন কৰে অসমীয়া লোকাচাৰত চলি অহা এনে ভেকুলীৰ বিয়া।