বৰ্ণিহাটত ৪ কোটি টকা মূল্যৰ ড্ৰাগছ জব্দ, গ্ৰেপ্তাৰ ৩ সৰবৰাহকাৰী
November 20, 2021নিউজ ডেস্ক। কামৰূপ জিলা আৰক্ষীয়ে অসম-মেঘালয়ৰ সীমান্তৱৰ্তী বৰ্ণিহাটত মণিপুৰৰ পৰা সৰবৰাহ কৰা ৪ কোটি টকা মূল্যৰ ড্ৰাগছ জব্দ কৰাৰ লগতে তিনিটা ড্ৰাগছ সৰবৰাহকাৰীতো গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হয়।
কামৰূপ জিলাৰ আৰক্ষী অধীক্ষক হিতেশ চন্দ্ৰ ৰায়ৰ নেতৃত্বত চলোৱা অভিযানত জব্দ কৰা হয় এই বৃহৎ পৰিমাণৰ ড্ৰাগছখিনি।
গোপন খবৰৰ ভিত্তিত মহানগৰ আৰক্ষীৰ যুটীয়া আয়ুক্ত পাৰ্থ সাৰথি মহন্ত আৰু উপ-আৰক্ষী অধীক্ষক কল্যাণ পাঠকসহ আৰক্ষীৰ এটা বৃহৎ দলে চলোৱা অভিযানত ড্ৰাগছখিনি জব্দ কৰাৰ লগতে গ্ৰেপ্তাৰ কৰা হয় তিনিগৰাকী ড্ৰাগছ সৰবৰাহকাৰীক।
ট্ৰাকৰ লুকিং গ্লাছৰ পিছফালে চেম্বাৰ বনাই ড্ৰাগছখিনি কৌশলেৰে আনিছিল।
As of now, a massive operation against drugs peddlers is underway in Khanapara by the @GuwahatiPol .
— Himanta Biswa Sarma (@himantabiswa) November 19, 2021
These are deferred visuals pic.twitter.com/131K9u0rgb
আৰক্ষীৰ অভিযানত মণিপুৰৰ ৰমেশ কুমাৰ চেত্ৰী, আইথেমাচা মুছলাম আৰু মহানগৰীৰ ভেটাপাৰাৰ আইনাওভাম নামৰ তিনিগৰাকী ড্ৰাগছ সৰবৰাহকাৰীক গ্ৰেপ্তাৰ কৰা হয়।
জব্দ কৰা প্ৰায় আধা কেজি ওজনৰ ড্ৰাগছখিনিৰ মূল্য প্ৰায় চাৰি কোটি টকা হ’ব বুলি আৰক্ষীয়ে উল্লেখ কৰে। ৪০ টা পেকেটত অনা হৈছিল ড্ৰাগছখিনি।