ভাল খবৰঃ আগষ্টৰ পৰা গুৱাহাটীলৈ চলিব বৈদ্যুতিক ইঞ্জিনযুক্ত ৰে’ল…

July 17, 2021 0 By Biraj Kalita

ৰাজ্যবাসীৰ বাবে এক ভাল খবৰ!

আগষ্টৰ ভিতৰত গুৱাহাটীলৈ চলিব বৈদ্যুতিক ইঞ্জিনযুক্ত ৰে’ল।

দেশৰ আন ৰে’লৱে মণ্ডলৰ লগতে অসমতো পৰিৱেশ সংৰক্ষণৰ লক্ষ্যৰে উত্তৰ–পূব সীমান্ত ৰে’লৱে কর্তৃপক্ষই ৰে’লপথসমূহ বৈদ্যুতিকীকৰণৰ বাবে কাম কৰি আছে।

উত্তৰ-পূব সীমান্ত ৰে’লৱে কৰ্তৃপক্ষই অসমত অব্যাহত ৰখা ৰে’লপথৰ বৈদ্যুতিকৰণৰ কামে এতিয়া চূড়ান্ত পৰ্যায় পাইছে।

শ্চিমবংগৰ বর্তমান ৰাণীনগৰ জলপাইগুৰিৰ পৰা ৰঙিয়া হৈ গুৱাহাটীলৈ প্রায় ৩৩৪ কিঃমিঃ দৈর্ঘ্যৰ ৰে’লপথত ২০২০–২১ বর্ষত বৈদ্যুতিকীকৰণৰ কাম ইতিমধ্যে সম্পন্ন হৈছে৷

সকলো ঠিকে থাকিলে অহা আগষ্ট মাহৰ ভিতৰত গুৱাহাটীলৈ বহিঃৰাজ্যৰ পৰা বৈদ্যুতিক ইঞ্জিনযুক্ত ৰে’ল চলাব পৰাৰ সম্ভাৱনা আছে৷

এই কথা প্ৰকাশ কৰিছে উত্তৰ–পূব সীমান্ত ৰে’লৱেৰ মহাপ্রবন্ধক অংশুল গুপ্তাৰ৷

যোৱা ১৪ জুলাইত অংশুল গুপ্তাই মুখ্য কাৰ্যালয়ৰ জ্যেষ্ঠ বিষয়া আৰু আৰ ভি এন এলৰ প্ৰতিনিধিসকলৰ সৈতে অঞ্চলটোত চলি থকা ৰে’ল বৈদ্যুতিকৰণৰ কাম-কাজৰ পৰ্যালোচনা কৰি এই মন্তব্য কৰে।

লগতে তেওঁ কয় যে, নিউ গুৱাহাটীৰ পৰা দিগাৰুৰ মাজেৰে জাগীৰোডলৈ ৰে’লপথৰ বৈদ্যুতিকৰণৰ কাম অতি দ্ৰুতগতিত আগবাঢ়িছে। কামটো অহা ছেপ্টেম্বৰৰ শেষৰ ফালে সম্পূৰ্ণ হ’ব বুলি আশা কৰা হৈছে।

একেদৰে, হোজাই-লামডিং খণ্ডতো বৈদ্যুতিকৰণৰ কাম চলি আছে। কামটো অহা বছৰৰ মাৰ্চৰ ভিতৰত সম্পূৰ্ণ হ’ব।

আনহাতে, ব্ৰহ্মপুত্ৰৰ দক্ষিণ পাৰত থকা যোগীঘোপা-দুধনৈ-কামপুৰ ৰে’লপথটোৰো বৈদ্যুতিকৰণৰ কাম চলি আছে। কামটো এই বছৰৰ ডিচেম্বৰৰ ভিতৰত সম্পূৰ্ণ হ’ব বুলি বিষয়া গৰাকীয়ে সদৰি কৰে।