ভাল খবৰ! অক্সফর্ড বিশ্ববিদ্যালয়ৰ বিশেষ আলোচনালৈ নিমন্ত্ৰণ পালে এগৰাকী অসমীয়া চিকিৎসকে…

June 25, 2021 0 By Biraj Kalita

অসমীয়া চিকিৎসকৰ বিশেষ সফলতা।

অক্সফর্ড বিশ্ববিদ্যালয়ৰ বিশেষ আলোচনাত নিমন্ত্ৰিত হ’ল শিৱসাগৰৰ চিকিৎসক ডাঃ সুৰজিৎ গিৰিয়ে।

ইংলেণ্ডৰ অক্সফর্ড বিশ্ববিদ্যালয়ৰ অন লাইন যোগে অনুষ্ঠিত হ’ব লগীয়া এক আলোচনা চক্ৰত অংশগ্ৰহণৰ সুযোগ লাভ কৰিছে ডাঃ গিৰিয়ে।

সৰ্প দংশন বিষয়ত অভিজ্ঞ সংজ্ঞাহৰক ডাঃ গিৰিৰ তত্বাৱধানত এতিয়ালৈকে প্ৰায় পাঁচশৰো অধিক বিষাক্ত সর্পই দংশন কৰা লোক আৰোগ্য হৈ উঠিছে।

ডাঃ গিৰিয়ে জনাইছে যে, ৰাষ্ট্ৰীয় আৰু আন্তঃৰাষ্ট্ৰীয় সৰ্পবীদ সকলে তেওঁলোকৰ পৰীক্ষা- নিৰীক্ষা কৰি থকা পিট ভাইপাৰৰ পৰিসংখ্যা বোৰ গুৰুত্ব সহকাৰে লৈছে আৰু পিট ভাইপাৰৰ ওপৰত অধ্যয়ন কৰা আন্তঃৰাষ্ট্ৰীয় বিজ্ঞানী ডাঃ অনিতা মালহোত্ৰাই ২৫-২৭ আগষ্টত শিৱসাগৰ আৰু অসমৰ পিট ভাইপাৰৰ তথ্যবোৰ ভেনম এণ্ড toxin কণফাৰেঞ্চত ইংলেণ্ডৰ অক্সফৰ্ড বিশ্ববিদ্যালয়ত প্ৰকাশ কৰিব।