ভাল খবৰ! অসমৰ ড° দিব্যজ্যোতি শইকীয়ালৈ ৰাষ্ট্ৰীয় গৌৰৱ বঁটা…
June 6, 2021কৰ’ণাৰ আতংকৰ মাজতে ৰাজ্যবাসীলৈ এক ভাল খবৰ।
অসমৰ সমাজকৰ্মী ড° দিব্যজ্যোতি শইকীয়ালৈ ৰাষ্ট্ৰীয় গৌৰৱ বঁটা।
ডিজিটেল মাধ্যম জৰিয়তে অসমৰ ৰাষ্ট্ৰীয় পৰ্যায়ৰ মানৱ অধিকাৰ তথা সমাজকৰ্মী ড° দিব্যজ্যোতি শইকীয়াক সন্মানীয় ‘ৰাষ্ট্ৰীয় গৌৰৱ বঁটা’ প্ৰদান কৰিছে দেশৰ আগশাৰীৰ সন্মানীয় ৰাষ্ট্ৰীয় গৌৰৱ বঁটা সমিতিয়ে।
দেশৰ ভিন্ন ক্ষেত্ৰত উৎকৃষ্ট সেৱা তথা অৱদান আগবঢ়োৱা বিশেষ দহজন ব্যক্তিক উক্ত সন্মানীয় বঁটা প্ৰদান কৰা হয়।
সমাজসেৱা, শিক্ষা, স্বাস্থ্য আৰু উদ্যোগ আদি শিতানত উক্ত বঁটা প্ৰদান কৰা হয়৷
ড° দিব্যজ্যোতি শইকীয়াই সমাজসেৱাৰ শিতানত এই বঁটা লাভ কৰিবলৈ সক্ষম হৈছে।
অসম তথা উত্তৰ পূৰ্বাঞ্চলৰ পৰা এই বঁটা প্ৰাপ্ত ড° দিব্যজ্যোতি শইকীয়া একমাত্ৰ ব্যক্তি।
ড° শইকীয়াই সুদীৰ্ঘদিনৰে পৰা শান্তি, মানৱতা, মানৱ অধিকাৰ আৰু সামাজিক কাৰ্যৰে ৰাষ্ট্ৰ তথা মানৱ সমাজলৈ আগবঢ়াই অহা উৎকৃষ্ট সেৱাৰ বাবে ইতিমধ্যে প্ৰায় সত্তৰ তাতকৈও অধিক ৰাষ্ট্ৰীয় পৰ্যায়ৰ বঁটা আৰু দহৰো অধিক আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ৰ বঁটা লাভ কৰিবলৈ সক্ষম হৈছে।