ভাল খবৰ! ক’ভিড নিগেটিভ হৈ ঘৰলৈ উভতিল বিশিষ্ট চিত্ৰশিল্পী নীলপৱন বৰুৱা…
June 11, 2021এক ভাল খবৰ।
ক’ভিড নিগেটিভ হৈ ঘৰলৈ উভতিল বিশিষ্ট চিত্ৰশিল্পী নীলপৱন বৰুৱা।
৫ জুন তাৰিখে ক’ভিড-১৯ত আক্ৰান্ত হৈছিল শিল্পীগৰাকী।
শিল্পীগৰাকীক ভৰ্তি কৰোৱা হৈছিল গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হাস্পতালৰ ছুপাৰ স্পেচিয়েলিটী হাস্পতালত।
বিগত ৭ দিন ধৰি চলা চিকিৎসাৰ অন্তত সুস্থ হৈ উঠিছে নীলপৱন বৰুৱা।
কেইবাগৰাকীও বিশিষ্ট চিকিৎসকৰ তত্বাৱধানত চিকিৎসাধীন হৈ আছিল বিশিষ্ট চিত্ৰশিল্পীগৰাকী।
চিকিৎসকৰ দলটোৱে শুকুৰবাৰে নিজ গৃহলৈ যোৱাৰ পৰামৰ্শ দিয়ে বৰুৱাক।
অৱশ্যে দুমাহৰ বাবে চিকিৎসকৰ তত্বাৱধানত থাকিব লাগিব নীলপৱন বৰুৱা।