ভাল খবৰ! কোৱাৰ্টাৰ ফাইনেলত জয়লাভ লাভলীনা বৰগোহাঁইৰ, পদক লাভ নিশ্চিত…
July 30, 2021অলিম্পিকৰ পৰা আহিল ভাল খবৰ।
অলিম্পিকত ইতিহাস সৃষ্টি কৰিলে অসম কন্যা লাভলীনাই।
কোৱাৰ্টাৰ ফাইনেলত জয়লাভ লাভলীনাৰ।
টকিঅ’ অলিম্পিকৰ বক্সিংৰ ৬৯ কেজি শাখাৰ কোৱাৰ্টাৰ ফাইনেলত লাভলীনাই পৰাস্ত কৰিলে চাইনীজ টাইপেৰ চেন নিয়েন চিনক।
ইয়াৰ লগে লগে অলিম্পিকত পদক নিশ্চিত হ’ল অসম কন্যা লাভলীনা বৰগোঁহাইৰ।
অলিম্পিকত পদক লাভ কৰা প্ৰথমগৰাকী অসমীয়া হিচাপে পৰিগণিত হ’ল লাভলীনা।
লাভলীনাৰ সফলতাক অভিনন্দন জনাইছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই।
This is a BIG punch ❤️
— Himanta Biswa Sarma (@himantabiswa) July 30, 2021
You continue to make us proud #LovlinaBorgohain and keep India’s flag high & shining at #TokyoOlympics2020.
Well done 👏 @LovlinaBorgohai pic.twitter.com/RYFACkNXUN