ভাল খবৰ! নগাঁও আৰু কাছাৰ কাগজ কল নিলামৰ প্ৰক্ৰিয়া স্থগিত…
June 18, 2021অৱশেষত স্থগিত কৰা হ’ল নগাঁও আৰু কাছাৰ কাগজ কল নিলামৰ প্ৰক্ৰিয়া।
কোনেও কাগজ কল দুটা নিলামত ক্ৰয় কৰিবলৈ আগবাঢ়ি নহা বাবেই বাতিল হয় নিলামত বিক্ৰী কৰিবলৈ লোৱা সকলো পৰিকল্পনা।
যোৱা ১ জুনত কাগজ কল নিলামৰ প্ৰক্ৰিয়া আৰম্ভ হৈছিল।
১৫ জুনৰ ভিতৰত প্ৰায় ৫৫ কোটি টকা আগধন জমা দিবলৈ কোৱা হৈছিল।
কিন্তু ১৫ জুনৰ ভিতৰত ইএমডি ৫৫ কোটি টকা জমা নিদিয়াৰ বাবেই বাতিল হ’ল কল দুটাৰ নিলাম প্ৰক্ৰিয়া৷
লিকুৱেটৰৰ নিৰ্দেশ অনুসৰি ১৫ জুনৰ সন্ধিয়া ৬ বজালৈ আছিল ইএমডি জমা দিয়াৰ অন্তিম সীমা৷
EMDৰ এই ৫৫ কোটি টকা জমা দিয়া সকলে অহা ৩০ জুনত কল দুটা নিলামত ক্ৰয় কৰা বাবে আহ্বান কৰিব লগা নিবিদাত অংশ গ্ৰহণ কৰাৰ কথা আছিল৷ কিন্তু ইয়াৰ পূৰ্বেই কোনেও কল দুটা ক্ৰয় কৰিবলৈ আগবাঢ়ি নহাত বাতিল হৈ যায় কাগজ কল দুটা বিক্ৰী কৰিবলৈ লোৱা নিলাম প্ৰক্ৰিয়া।
ইফালে, কাগজ কল দুটাৰ নিলাম বাতিল হোৱাৰ পিচত সন্তুষ্টি প্ৰকাশ কৰি কাগজ কল দুটাৰ শ্ৰমিক কৰ্মচাৰী সকলে।
এতিয়া কল দুটা পুনৰুজ্জীবিত কৰাৰ লগতে কৰ্মচাৰী সকলৰ দৰমহা আদায় দিবলৈ চৰকাৰক আহ্বান জনাইছে কৰ্মচাৰীসকলে।