ভাল খবৰ, ভাৰতীয় ৰে’লৱে ১লাখ ৪০ হাজাৰ পদৰ বাবে আৰম্ভ কৰিব নিযুক্তি প্ৰক্ৰিয়া!

December 15, 2020 0 By NEWS DESK

নিৱনুৱাসকলৰ বাবে এক ভাল খবৰ।

ভাৰতীয় ৰে’লৱেই ১লাখ ৪০ হাজাৰ পদৰ বাবে আৰম্ভ কৰিব নিযুক্তি প্ৰক্ৰিয়া।

অহা ১৬ ডিচেম্বৰৰ পৰা আৰম্ভ হ’ব নিযুক্তি প্ৰক্ৰিয়া।

২১খন ৰে’লৱে নিযুক্তি ব’ৰ্ডৰ অন্তৰ্গত হ’ব এই নিযুক্তি প্ৰক্ৰিয়া।

তিনিটা পৰ্যায়ত সম্পন্ন কৰা হ’ব এই নিযুক্তি প্ৰক্ৰিয়া।

ইতিমধ্যে এই পদৰ বাবে ২ কোটি ৪৪ লাখ লোকে আবেদন কৰিছে।

প্ৰথম পৰ্যায়ত কেৱল মন্ত্ৰণালয় পদৰ বাবে অনুষ্ঠিত হ’ব কম্পিউটাৰ সম্বন্ধীয় পৰীক্ষা।

দ্বিতীয় পৰ্যায়ত CBT NON TECHNICAL পদৰ বাবে অনুষ্ঠিত হ’ব পৰীক্ষা।

তৃতীয় পৰ্যায়ত চিবিটি লেভেল ওৱান পদৰ বাবে অনুষ্ঠিত হ’ব পৰীক্ষা।

উল্লেখ্য যে, কৰ’ণাৰ সংক্ৰমণৰ বাবে বন্ধ হৈ আছিল নিযুক্তি প্ৰক্ৰিয়া।