ভাল খবৰ! শীঘ্ৰেই কৃষকৰ সুবিধাৰ্থে লামডিং ৰেলৱে মণ্ডলৰ পৰা চলিব দুখনকৈ কিষাণ ৰে’ল…

June 6, 2021 0 By Biraj Kalita

কৰ’ণাকেন্দ্ৰীক পৰিস্থিতিৰ মাজতে ৰাজ্যবাসীৰ বাবে এক ভাল খবৰ।

শীঘ্ৰেই কৃষকৰ সুবিধাৰ্থে লামডিং ৰেলৱে মণ্ডলৰ পৰা চলিব নতুনকৈ দুখন কিষাণ ৰে’ল।

প্ৰথমবাৰৰ বাবে আগৰতলা চৰকাৰৰ সহযোগত দুখনকৈ কিষান ৰেল চলাব ৰে’ল বিভাগে।

১১ জুনৰ পৰা ০০৫৯১ আগৰতলা-দিল্লী আৰু ১৬জুনৰ পৰা ০০৫৯০ আগৰতলা-কলিকতা ৰে”ল চলাচল কৰিব।

ৰে’ল দুখনত কৃষকসকলে বুকিঙৰ ক্ষেত্ৰত ৫০ শতাংশ ৰেহাই পাব বুলিও জানিব দিয়ে লামডিং ৰেলৱে মাণ্ডলিক বাণিজ্যিক উপ প্ৰৱন্ধকে৷