ভােটগণনাৰ প্ৰাকমুহূৰ্তত আউনীআটী সত্ৰত আশিস গ্ৰহণ অতুল বৰাৰ

April 30, 2021 0 By NEWS DESK

নিউজ ডেস্ক। ৰাজ্যত বিধানসভা নিৰ্বাচনৰ ভােটগণনাৰ মাজত মাত্ৰ কেইটামান ঘন্টা বাকী থকা অৱস্থাত বৃহস্পতিবাৰে হঠাৎ মাজুলীত আহি উপস্থিত হয় অসম গণ পৰিষদ দলৰ সভাপতি তথা কৃষি মন্ত্ৰী অতুল বৰা।

জানিব পৰামতে, নিৰ্বাচনৰ বহু পূৰ্বেই আউনীআটী সত্ৰৰ শিষ্য মন্ত্ৰী বৰাই আউনীআটী সত্ৰলৈ এখন শৰাই আগবঢ়াইছিল।

নিৰ্বাচনৰ ব্যস্ততাৰ বাবে সত্ৰখনলৈ অহা হোৱা নাছিল যদিও মন্ত্ৰীগৰাকীয়ে ব্যক্তিগত ভ্ৰমণসূচী লৈ পুৱা আহি মাজুলীত উপস্থিত হয়।

ইয়াৰ পিছতে অগপৰ সভাপতিগৰাকীয়ে আউনীআটী সত্ৰত উপস্থিত হৈ মহাপ্ৰভু গোবিন্দৰ চৰণত আগবঢ়াই থোৱা শৰাই আগবঢ়াই সেৱা গ্ৰহণ কৰে।

মন্ত্ৰীগৰাকীয়ে সত্ৰৰ নাম-প্ৰসংগত অংশগ্ৰহণ কৰাৰ উপৰি সত্ৰৰ সত্ৰাধিকাৰ চ’ৰাত উপস্থিত হৈ গুৰু সত্ৰাধিকাৰৰ সেৱা গ্ৰহণ কৰি সত্ৰধিকাৰ ডঃ পীতাম্বৰ দেৱগোস্বামীৰ সৈতে বাৰ্তালাপ কৰে।