ভাৰতীয় তৈল নিগম আৰু অইল ইণ্ডিয়া লিমিটেডক সকীয়নি আলফা(স্বাঃ)ৰ…

May 14, 2021 0 By Biraj Kalita

এইবাৰ আলফা(স্বাঃ) টাৰ্গেট ৰাজহুৱা খণ্ডৰ প্ৰতিষ্ঠান তেল আৰু প্ৰকৃতিক গেছ নিগম।

ভাৰতীয় তৈল নিগম আৰু অইল ইণ্ডিয়া লিমিটেডক সকিয়নি সংগঠনটোৰ।

এখন পত্ৰৰ জৰিয়তে সকীয়নি প্ৰদান কৰিছে সংগঠনটোৱে।

পত্ৰখনত উল্লেখিত ৭ টা দাবি মানি চলিবলৈ সকীয়নি সংগঠনটোৰ।

অন্যথা প্ৰতিষ্ঠান দুটাই বিষম পৰিণতিৰ সন্মুখীন হ’ব লাগিব বুলি দিছে হুমকি।

পৰেশ বৰুৱাই নিজে স্বাক্ষৰ কৰি এই পত্ৰ প্ৰেৰণ কৰিছে।

উল্লেখিত চৰ্ত কেইটাৰ ভিতৰত আছে-

ONGC, OILত চাকৰিৰ ৯৫ শতাংশ কেৱল থলগিৰি লোকৰ বাবে সংৰক্ষণ কৰক।

ONGC, OILএ চাকৰিত মকৰলৰ সলোধৰণৰ যোগ্যতা নিৰ্ণয়কাৰী পৰীক্ষা অসমতেই পাতিব লাগিব।

ONGC, OILৰ পৰিচালন সঞ্চালকৰ পদ যোগ্য থলগিৰি ব্যক্তিৰ বাবে সংৰক্ষণ কৰক।

ঠিকাভিত্তিক নিয়োগ বন্ধ কৰি চাকৰি নিয়মীয়া কৰক।

ONGC, OILএ আৰম্ভণিৰে পৰা অসমৰ কিমান লম্পদ নিলে আৰু লাভৰ কিমান শতাংশ অসমে পালে তাৰ হিচাপ দিয়ক।

অসমৰ গাঁওসমূহলৈ পাইপেৰে ঘৰে ঘৰে গেছ যোগানৰ ব্যৱস্থা কৰক।

অসমৰ বিভিন্ন উৎসৱ-পাৰ্বন আয়োজন কৰিবলৈ বিভিন্ন দল-সংগঠনক দান-বৰঙণি দিয়াৰ লগতে বানপিড়ীত তথা প্ৰাকৃতিক দুৰ্যোগত পতিত আৰ্তজনক প্ৰতিষ্ঠান দুটাই প্ৰত্যক্ষভাৱে বছৰি ৫ কোটিকৈ টকা দিব লাগিব।

উল্লেখ্য যে, এই চৰ্তবোৰ মানি চলাৰ বাবে ONGC, OILৰ পৰা লিখিত প্ৰতিশ্ৰুতি বিচাৰিছে আলফা স্বাধীনে।