ভাৰতৰত্ন গোপীনাথ বৰদলৈ বিমানবন্দৰ ব্যক্তিগতকৰণৰ বিৰুদ্ধে অসম জাতীয় পৰিষদৰ প্ৰতিবাদ

February 8, 2021 0 By Biraj Kalita

লোকপ্ৰিয় গোপীনাথ বৰদলৈ বিমানবন্দৰ ব্যক্তিগত কৰণৰ বিৰুদ্ধে আজি সোমবাৰে অসম জাতীয় পৰিষদে উত্তৰ পূৱৰ বিমান প্ৰাধিকাৰীৰ ক্ষেত্ৰীয় কাৰ্যলয়ৰ সন্মুখত তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰে।

বিমানবন্দৰ ব্যক্তিগত কৰণৰ বিৰুদ্ধে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী মূর্দাবাদ,মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল,হিমন্ত বিশ্ব শৰ্মা মূৰ্দাবাদ ধ্বনিৰে শ শ লোকে উত্তাল কৰিলে পৰিবেশ।

প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী নেতৃত্বধীন কেন্দ্ৰীয় চৰকাৰ খনে লাভজনক বৰঝাৰ বিমানবন্দৰ আদানী গ্ৰুপক গোটাই দি ব্যক্তিগত কৰণ কৰাৰ বিৰুদ্ধে আজি অসম জাতীয় পৰিষদে তীব্ৰ প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰে।

মোদী চৰকাৰে ৰাজহুৱা সম্পত্তিক ব্যক্তিগতকৰণ কৰি একাংশ পুঁজিপতিৰ হাতত গতাই দিব বিচৰা কাৰ্য কোনো পধ্যেই সহ্য কৰা নহব বুলি হুংকাৰ দিয়ে প্ৰতিবাদকাৰীসকলে।

এই প্ৰতিবাদী কাৰ্যসূচীত অসম জাতীয় পৰিষদৰ কেন্দ্ৰীয় উপ সভাপতি দুলু আহমেদ, সাধাৰণ সম্পাদক জগদীশ ভূঞাকে ধৰি শতাধিক লোকে অংশগ্ৰহণ কৰে।

প্ৰতিবাদৰ শেষত ক্ষেত্ৰীয় কাৰ্যলয়ৰ পৰিচালক এখনি স্মাৰক পত্ৰ প্ৰদান কৰে প্ৰতিবাদকাৰীসকলে।