ভাৰত-বাংলাদেশ সীমান্তত জালনোটসহ দুজনক গ্ৰেপ্তাৰ
January 7, 2022ভাৰত-বাংলাদেশ সীমান্তৱৰ্তী দক্ষিণ শালমাৰা-মানকাচৰ জিলাৰ মানকাচৰ থানাৰ কালাপানী আৰক্ষী চকীৰ অন্তৰ্গত সাদুল্যাবাৰীৰ জাংগাল ব্লকৰ ৰাস্তাত আৰক্ষীয়ে তালাচী চলাই ভাৰতীয় জালনোটসহ দুজন যুৱকক গ্ৰেপ্তাৰ কৰে।
উক্ত যুৱক দুজনক ক্ৰমে সুখচৰ থানাৰ অন্তৰ্গত তথা ব্ৰহ্মপুত্ৰৰ মাজৰ উন্মুক্ত ভাৰত-বাংলাদেশ সীমান্তৰ বৰেৰ আলগা গাঁৱৰ প্ৰয়াত ছমেশ্বৰ আলীৰ পুত্ৰ ছাদ্দাম হুছেইন (২৫) আৰু মানকাচৰ থানৰ অন্তৰ্গত জাংগাল ব্লকৰ ৰমজান আলীৰ পুত্ৰ মফিদুল মণ্ডল (২৪) বুলি চিনাক্ত কৰা হৈছে।
আৰক্ষীয়ে দুয়োৰে পৰা ভাৰতীয় ১৪ হাজাৰ টকাৰ জালনোট জব্দ কৰে।
যুৱক দুজনে বাংলাদেশৰ জালনোট চক্ৰৰ পৰা জালনোটখিনি সৰবৰাহ কৰিছিল বুলি জানিব পৰা গৈছে।
অধিক তথ্যৰ ববে আৰক্ষীয়ে জেৰা অব্যাহত ৰাখিছে।