ভাৰত-বাংলাদেশ সীমান্তত BSF ৰ অভিযানত গ্ৰেপ্তাৰ বাংলাদেশী অনুপ্ৰৱেশকাৰী…

June 27, 2021 0 By Biraj Kalita

ধুবুৰীৰ ভাৰত-বাংলাদেশ সীমান্তত BSF ৰ অভিযানত গ্ৰেপ্তাৰ বাংলাদেশী অনুপ্ৰৱেশকাৰী।

সীমান্তৰ তিস্তাপাৰা অঞ্চলত বালাডবাত অভিযান চলাই আটক কৰিবলৈ সক্ষম হ’ল এজন অবৈধ বাংলাদেশী অনুপ্ৰৱেশকাৰীক।

ধৃত বাংলাদেশী নাগৰিকজন কুৰিগ্ৰাম জিলাৰ ধ্বনিৰাম পূৰ অঞ্চলৰ কালাম আলী বুলি জানিব পৰা গৈছে।

ধৃত বাংলাদেশী নাগৰিকজনৰ পৰা প্ৰায় ৪৯,৫০০ ভাৰতীয় জালনোট উদ্ধাৰ কৰিবলৈ সক্ষম হৈছে।

উল্লেখযোগ্য যে, প্ৰায় পাঁচ-ছয়জনীয়া বাংলাদেশী নাগৰিকৰ দল এটাই তিস্তাপাৰাৰ উন্মুক্ত সীমান্তৰে প্ৰৱেশ কৰিছিল অসমত।

আনহাতে BSFৰ এই অভিযানৰ পৰা বাংলাদেশলৈ উভতি যাবলৈ সক্ষম হ’ল আন চাৰি-পাঁচজনকৈ বাংলাদেশী অনুপ্ৰৱেশকাৰী।