ভীষণ অগ্নিকাণ্ডত জ্বলি চাৰখাৰ হ’ল দুখন ঔষধৰ দােকানসহ ৩ খনকৈ ব্যৱসায়িক প্ৰতিষ্ঠান
April 11, 2022নিউজ ডেস্ক। কামৰূপ জিলাৰ পলাশবাৰী সমষ্টিৰ বিজয়নগৰত সােমৱাৰে পুতি নিশা সংঘটিত হয় এক বিধ্বংসী অগ্নিকাণ্ড।
এই ঘটনাত বহু লক্ষাধিক টকাৰ সম্পত্তিৰ ক্ষয়-ক্ষতিৰ অনুমান কৰা হৈছে।
প্ৰাপ্ত তথ্য মতে, দক্ষিণ কামৰূপৰ ব্যৱসায়িক প্ৰাণকেন্দ্ৰ স্বৰূপ বিজয়নগৰত সংঘটিত এই অগ্নিকাণ্ডৰ ঘটনাত দুই ভাতৃৰ মালিকানাধীন ঔষধৰ এখন পাইকাৰী আৰু এখন খুচুৰা বিক্ৰী প্ৰতিষ্ঠান জ্বলি চাৰখাৰ হয়।
বৈদ্যুতিক চৰ্ট চাৰ্কিটৰ ফলতে এই ঘটনা সংঘটিত হোৱা বুলি অনুমান কৰা হৈছে।
এই অগ্নিকাণ্ডৰ ঘটনাত সেৰাউগী মেডিক’জ আৰু স্বস্তিক ড্ৰাগ ডিষ্ট্ৰিবিউটৰ নামৰ প্ৰতিষ্ঠান দুখন সম্পূৰ্ণ ৰূপে জ্বলি চাৰখাৰ হোৱাৰ লগতে ৰাকেশ ইলেকট্ৰনিক নামৰ ব্যৱসায়িক প্ৰতিষ্ঠান খনৰ অধিকাংশই জুইত জাহ যায়।