ভুলক্ৰমে সীমান্ত অতিক্ৰম! ১১ বছৰে পাকিস্তানত কাৰাবাস খাটি ভাৰতলৈ প্ৰত্যাৱৰ্তন

January 6, 2021 0 By NEWS DESK

নিউজ ডেস্ক। এক দীৰ্ঘ সময়ৰ মূৰত স্বদেশত উপস্থিত হ’ল উত্তৰ প্ৰদেশৰ মিৰ্জাপুৰৰ এজন ব্যক্তি। ভুলক্ৰমে ভাৰত সীমান্ত পাৰ হৈ পাকিস্তানত প্ৰৱেশ কৰিছিল মিৰ্জাপুৰৰ পানৱাছি লাল নামৰ যুৱকজন। তাৰ পিছতেই পাকিস্তান সেনাই আটক কৰি লৈ গৈছিল পানৱাছি লালক।

এই ‘অপৰাধ’ৰ বাবেই পাকিস্তানৰ ন্যায়ালয়ে ১১ বছৰৰ কাৰাদণ্ড বিহিছিল লালক, যাৰ পৰিপ্ৰেক্ষিতত ১১ বছৰ কাৰাবাস খটাৰ অন্তত লালক স্বদেশক গতাই দিয়ে পাকিস্তানে।

এই সন্দৰ্ভত প্ৰট’কল বিষয়া এ পি সিঙে কয় যে, ‘লালক পাকিস্তানে ১৭ নৱেম্বৰ, ২০২০ ত আত্তাৰী সীমান্তত ভাৰতক গতাই দিয়ে। লালৰ মানসিক অৱস্থা বৰ্তমান ভাল নহয়। তেওঁ নিজৰ ঘৰৰ পৰিচয় দিব পৰা নাই। সেয়েহে পৰিয়ালৰ লোকে আহি তেওঁক ঘৰলৈ নিবলৈ অমৃতসৰ আহে। ৪ জানুৱাৰী দিনা তেওঁক পৰিয়ালৰ লোকৰ হাতত গতাই দিয়া হয়। লাল যে পাকিস্তানত আছিলে পৰিয়ালৰ লোকে সেই কথাও জনা নাছিল। লাল সন্ধানহীন হৈ আছিল বুলিহে তেওঁলোকে ভাবিছিল। লালক লাভ কৰি লালৰ ভগ্নী অতিশয় সুখী বুলি জনায়।’