ভুৱা আৰক্ষীৰ ভয়ত পলাল অভিযুক্ত, ঘৰত লুটপাট চলালে ছদ্মবেশী ডকাইতে!
July 26, 2021নিউজ ডেস্ক। ধুবুৰীৰ ভাৰত-বাংলাদেশ সীমান্তৱৰ্তী কাইম ভাষানী অঞ্চলত আৰক্ষীৰ পোছাক পিন্ধি ডকাইতৰ দল এটাই এঘৰ লোকৰ ঘৰত ডকাইতি কাৰ্য সংঘটিত কৰি নগদ ডেৰলাখ লাখ টকাসহ সোণৰ আ-অলংকাৰ, ম’বাইল আদি লুটি নিয়াৰ ঘটনাই অঞ্চলটোত চাঞ্চল্যৰ সৃষ্টি কৰিছে।
ভাষানী অঞ্চলৰ চাইফুল হকৰ ঘৰৰ চৌহদত প্ৰায় ১০-১২জনীয়া এটা দলে আৰক্ষীৰ লোক অহা বুলি কৈ ঘৰত প্ৰৱেশ কৰিবলৈ লোৱাত চাইফুল হকৰ নামত গোচৰ ৰুজু হৈ থকাত চাইফুলে উক্ত আৰক্ষীৰ দলটোৱে তেওঁক গ্ৰেপ্তাৰ কৰিবলৈ আহিছে বুলি ভাবি ঘৰৰ খিৰিকিৰে পলায়ন কৰি আত্মগোপন কৰে।
পিছত উক্ত ডকাইতৰ দলটোৱে আলমিৰাৰ তলা ভাঙি নগদ ডেৰলাখ টকাসহ বিভিন্ন সা-সামগ্ৰীৰ লগতে সোণৰ আ-অলংকাৰ লুট কৰি লৈ যায়। কিছু সময় পিছত ডকাইতৰ দলটোৱে ডকাইতি কাণ্ড সংঘটিত কৰি গুচি যোৱাৰ উমান পায় চাইফুল হকে ঘৰলৈ উভতি আহে।
তেওঁৰ পত্নীৰ পৰা সবিশেষ জনাৰ পিছত তেওঁৰ ঘৰত যে আৰক্ষীৰ বেশত ডকাইতৰ দল আহিছিল আৰু তেওঁৰ ঘৰত ডকাইতি কাণ্ড সংঘটিত কৰিলে সেয়া তেওঁ নিশ্চিত হয়।
পিছত চাইফুল হকে উক্ত ঘটনা সম্পৰ্কে গাঁওবাসীক অৱগত কৰে।
ইফালে উক্ত ডকাইতি ঘটনা সম্পৰ্কত চাইফুলৰ পত্নীয়ে ধুবুৰী বজাৰ আৰক্ষী চকীত এখন এজাহাৰ দাখিল কৰে আৰু উক্ত ঘটনা সন্দৰ্ভত আৰক্ষীয়ে তদন্ত অব্যাহত ৰাখিছে বুলি জানিব পৰা গৈছ।