ভুৱা ড্ৰাইভিং লাইচেঞ্চ প্ৰস্তুত কৰা চক্ৰ উৎখাত আৰক্ষীৰ
August 25, 2021নিউজ ডেস্ক। ৰাজ্যত সক্ৰিয় হৈ আছে ভুৱা ড্ৰাইভিং লাইচেঞ্চ প্ৰস্তুত কৰা চক্ৰ। তেনে এক চক্ৰ উৎখাত কৰিবলৈ সক্ষম হ’ল নগাঁও আৰক্ষী।
জানিব পৰা মতে, কেইদিনমান পূৰ্বে এজন ব্যক্তিক ভুৱা অনুজ্ঞাপত্ৰ সহ নগাঁও আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছিল।
উক্ত ভুৱা অনুজ্ঞাপত্ৰৰ প্ৰস্তুত কৰা চক্ৰৰ পম খেদি অৱশেষত নগাঁও আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হয় আশ্ৰাফুল ৰহমান নামৰ আপৰাধীজনক।
অপৰাধীজনে উক্ত বেআইনী কাৰ্য চলচলিত থকা নিজৰ ডিটিপি চেণ্টাৰৰ পৰা চলাই আছিল।
ইতিমধ্যে এই সন্দৰ্ভত অধিক তথ্যৰ বাবে অভিযুক্ত আশ্ৰাফুলক জেৰা অব্যাহত ৰাখিছে আৰক্ষীয়ে।