ভুৱা নথিৰে নিযুক্তি লাভ কৰা ৪ টেট্ শিক্ষকক আটক আৰক্ষীৰ
October 4, 2021নিউজ ডেস্ক। দালালৰ পিছতেই এইবাৰ ভুৱা টেট শিক্ষকৰ বিৰুদ্ধে আৰক্ষীৰ বৃহৎ অভিযান।
এইবাৰ জালিয়াতিৰে শিক্ষকতাৰে দৰে পৱিত্ৰ বৃত্তিত নিয়ােজিত হােৱা টেট্ শিক্ষকৰ বিৰুদ্ধে অভিযানত নামিছে অসম আৰক্ষী।
কামৰূপ জিলাৰ হাজোৰ বিভিন্ন প্ৰান্তত কামৰূপ আৰক্ষীয়ে অভিযান চলাই আটক কৰিবলৈ সক্ষম হৈছে চাৰিজনকৈ ভুৱা টেট শিক্ষকক।
হাজোৰ বিভিন্ন প্ৰান্তত কামৰূপ আৰক্ষীয়ে চলালে ভুৱা টেট্ শিক্ষকৰ বিৰুদ্ধে এই বৃহৎ অভিযান।
উক্ত অভিযান কালত ভুাৱ চাৰ্টিফিকেট আৰু মাৰ্কশ্বিটেৰে টেটত নিযুক্তি পোৱা চাৰিজনকৈ টেট্ শিক্ষকক আটক কৰিবলৈ সক্ষম হৈছে কামৰূপ আৰক্ষী।
আটক হৈছে হাজোৰ বঙালপাৰৰ আজিজুৰ ৰহমান, মনোৱাৰ হুছেইন আৰু আন্ধুপাৰাৰ মনোৱাৰ খানৰক লগতে শ্বহীবুৰ ৰহমান।
এই আটাইকেইগৰাকী টেট্ শিক্ষকে চিৰাং আৰু বাক্সা জিলাত এমাহ পূৰ্বেই নিযুক্তি লাভ কৰিছিল।