ভূমিকম্পৰ ফলত এটা পুখুৰীৰ অস্বাভাৱিক ৰূপ, বক্-বক্ কৈ উতলিল পুখুৰীৰ পানী…
July 8, 2021ভূমিকম্পৰ ফলত এটা পুখুৰীৰ অস্বাভাৱিক ৰূপ।
বুধবাৰে পুৱাৰ ভাগত ৰাজ্যত হোৱা ভূমিকম্পৰ ফলত বক্-বক্ কৈ উতলিব ধৰিলে পুখুৰীৰ পানী।
এই ভূমিকম্পৰ অভিকেন্দ্ৰ আছিল গোৱালপাৰা জিলাৰ পশ্চিম বিধানসভা সমষ্টিৰ লক্ষীপুৰৰ পৰা 8 কিল’মিটাৰ আৰু গোৱালপাৰা চহৰৰ পৰা 10 কিল’মিটাৰ নিলগৰ জয়পুৰ-খৰমুজা অঞ্চল।
ভূমিকম্পৰ ফলত লক্ষীপুৰৰ জয়পুৰ বজাৰৰ এটা পুখুৰীত দেখা যায় তেনে অস্বাভাৱিক দৃশ্য৷
পুখুৰীটোৰ পানীত বুৰবুৰণি সদৃশ পৰিলক্ষিত হোৱাৰ লগতে পুখুৰীৰ পানীখিনি উতলি উঠাৰ লেখীয়া হৈ পৰে৷
এই অস্বাভাৱিক দৃশ্যই আতংকিত কৰি তুলিছে অঞ্চলবাসীক৷