ভূ-মাফিয়া নজৰুল ইছলামসহ দালাল গ্ৰেপ্তাৰ আৰক্ষীৰ

November 17, 2021 0 By NEWS DESK

নিউজ ডেস্ক। অৱশেষত আৰক্ষীৰ জালত পৰিল কুখ্যাত ভূ-মাফিয়া নজৰুল ইছলাম। ভূ-মাফিয়া নজৰুলৰ লগতে এজন মধ্যভােগী দালালকাে গ্ৰেপ্তাৰ কৰিছে হােজাই আৰক্ষীয়ে।

উল্লেখ্য যে লামডিং সংৰক্ষিত বনাঞ্চলত ধনৰ বিনিময়ত বেদখলকাৰীক সংস্থাপিত কৰাৰ অভিযোগ উত্থাপিত হৈছিল নজৰুল ইছলামৰ বিৰুদ্ধে।

আনিক মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাৰ মুখতাে উচ্চাৰিত হৈছে নজৰুলৰ নাম।

লামডিং সংৰক্ষিত বনাঞ্চলত বেদখলকাৰীক উচ্ছেদ কৰাৰ পাছতে হােজাই আৰক্ষীয়ে আনোৱাৰ হুছেইনক বিচাৰি তীব্ৰ অভিযান অব্যাহত ৰাখিছিল।

উল্লেখ্য যে গুৱাহাটী উচ্চ ন্যায়ালয়ৰ নিৰ্দেশত লামডিং বনাঞ্চলৰ কমৰপানী, বেটনলা, হাজিবস্তি, পাগলাবস্তি, থাদংনলা মিলাই সৰ্বমুঠ ৭৩৬ ঘৰ লোকক প্ৰশাসনে উচ্ছেদ কৰে।

ইতিমধ্যে, উচ্ছেদিত লোকসকলে ধনৰ বিনিময়ত অভিযুক্ত নজৰুল ইছলাম আৰু আনোৱাৰ হুছেইনে তেওঁলোকক লামডিং বনাঞ্চলত সংস্থাপিত কৰা বুলি সংবাদ মাধ্যমৰ আগত অভিযোগ কৰিছিল।

হোজাইৰ অতিৰিক্ত আৰক্ষী অধীক্ষক প্ৰাণজিৎ দুৱৰাৰ নেতৃত্বত আৰক্ষীয়ে অভিযান চলাই নখুঁটিৰ পৰা কুখ্যাত ভূ-মাফিয়া নজৰুল হুছেইনক গ্ৰেপ্তাৰ কৰে।

নজৰুলৰ স্বীকৰোক্তিৰ ভিত্তিতে আৰক্ষীয়ে আনোৱাৰ হুছেইন নামৰ অন্য এজন মাটি দালালকো গ্ৰেপ্তাৰ কৰে।