ভেকচিন কেন্দ্ৰত প্ৰচণ্ড মাৰপিট, আহত মহিলাসহ দুজন…

July 24, 2021 0 By Biraj Kalita

ৰাজ্যত অব্যাহত আছে ক’ভিড প্ৰতিষেধক প্ৰদান প্ৰক্ৰিয়া।

ৰাজ্যজুৰি এই প্ৰক্ৰিয়া চলি থকাৰ মাজতে জুৰীয়াৰ তিনিচুকীয়াত সংঘটিত হ’ল উত্তপ্ত পৰিস্থিতি।

ভেকচিন প্ৰদান কেন্দ্ৰত সংঘটিত হ’ল প্ৰচণ্ড মাৰপিটৰ ঘটনা।

যাৰ ফলত আহত হয় এগৰাকী মহিলাসহ দুজন।

গুৰুতৰ বাবে আহত নবি হুছেনৰ লগতে এগৰাকী মহিলা।

ভেকচিন লবলৈ আহি ভেকচিনৰ কুপন নোপোৱাৰ বাবেই সংঘটিত হয় এই ঘটনা।

ভেকচিন কেন্দ্ৰত পাচ শতাধীক ৰাইজ উপস্থিত হৈ সৃষ্টি কৰিলে উত্তপ্ত পৰিস্থিতিৰ।

পৰৱৰ্তী সময়ত ঘটনাস্থলীত জুৰীয়া আৰক্ষী উপস্হিত হৈ পৰিস্হিতি নিয়ন্ত্ৰণ কৰে।