ভেকচিন প্ৰদানত অথন্তৰ! প্ৰথম পালি লৈছিল কোভাক্সিন দ্বিতীয় পালি দিলে কোভিছিল্ড…

June 23, 2021 0 By Biraj Kalita

ৰাজ্যত অব্যাহত আছে ক’ভিড ভেকচিন প্ৰদান প্ৰক্ৰিয়া।

কিন্তু এইবাৰ ভেকচিন প্ৰদানত সৃষ্টি হ’ল বিভ্ৰান্তিৰ।

ক’ভিড ভেকচিনৰ দুটা ড’জ দুটা বেলেগ বেলেগ ভেকচিন ল’ব পাৰি নে নোৱাৰি ইয়াকে লৈ ৰাইজৰ মাজত প্ৰচুৰ কৌতুহল আছে হাইলাকান্দিত সংঘটিত হ’ল তেনে ঘটনা।

হাইলাকান্দিৰ দুই ভাতৃ-ভগ্নীয়ে প্ৰথম পালি প্ৰতিষেধক লৈছিল কোভাক্সি। কিন্তু দ্বিতীয় পালি ভেকচিন ল’বলৈ আহোতে তেওঁলোকক কোভিছিল্ড ভেকচিন প্ৰদান কৰাৰ অভিযোগ উত্থাপন কৰিছে।

ভাতৃ-ভগ্নী সায়ন্তন ভট্টাচাৰ্য আৰু সাগৰিকা ভট্টাচাৰ্যৰ এই অভিযোগ।

ইপিনে স্বাস্থ্যকৰ্মীয়ে নিজৰ ভুল ঢাকিবৰ বাবেই দুয়োকে কোভাক্সিন দিয়াৰ প্ৰমাণপত্ৰ দিয়া বুলিও অভিযোগ কৰিছে ভাতৃ-ভগ্নীয়ে।

শিলচৰৰ তাৰাপুৰৰ সায়ন্তন ভট্টাচাৰ্যই বিগত ১১ মে’ত কাটলিছেড়াৰ এছ কে ৰৱ কলেজত স্থাপন কৰা প্ৰতিষেধক কেন্দ্ৰত গ্ৰহণ কৰিছিল কোভাক্সিনৰ প্ৰথম পালি। বিপৰীতে তেওঁৰ ভগ্নী সাগৰিকাই প্ৰতিষেধক লৈছিল লালা মডেল স্কুলত থকা প্ৰতিষেধক কেন্দ্ৰত।

২০ জুনত দুয়োলৈ দ্বিতীয় পালি প্ৰতিষেধক ল’বৰ বাবে স্বাস্থ্য বিভাগে মোবাইল ফোনলৈ প্ৰেৰণ কৰে বাৰ্তা আৰু মেছেজত দিয়া স্থান অনুসৰি দুয়ো প্ৰতিষেধক ল’বলৈ আহে হাইলাকান্দি চহৰৰ ১০ নং ৱাৰ্ডৰ ৯৯নং প্ৰাথমিক বিদ্যালয়ত থকা কেন্দ্ৰলৈ। 

সেই কেন্দ্ৰতে কোভাক্সিনৰ পৰিৱৰ্তে কোভিশ্বিল্ড দিয়া বুলি অভিযোগ কৰিছে ভাতৃ-ভগ্নীৰ।

 বিষয়টো জ্ঞাত হোৱাৰ পিছত দুই ভাতৃ ভগ্নিয়ে কেন্দ্ৰটোৰ দায়িত্বত থকা অংশুমান নাথক প্ৰশ্ন কৰাত কোনো  সদুত্তৰ নাপালে।

ইতিমধ্য দুয়োজনে সংবাদ মাধ্যমৰ জৰিয়তে বিষয়টো ৰাজ্যৰ স্বাস্থ্য মন্ত্ৰী আৰু মুখ্যমন্ত্ৰীৰ দৃষ্টি আকৰ্ষণ কৰিছে।