ভেলোৰৰ আগশাৰীৰ হাস্পতালত চিকিৎসাৰ সুবিধা পাব অসমৰ দৰিদ্র ৰোগীয়ে…
July 13, 2021আৰ্থিক ভাৱে দুৰ্বল পৰিয়ালৰ ৰোগীলৈ সুখবৰ।
ভেলোৰৰ আগশাৰীৰ চিকিৎসালয়ত লাভ কৰিব চিকিৎসা।
এতিয়াৰে পৰা তামিলনাডুৰ ভেলোৰৰ আগশাৰীৰ চিকিৎসানুষ্ঠান শ্রীনাৰায়ণী হাস্পতাল এণ্ড ৰিছার্চ চেণ্টাৰত অত্যাধুনিক চিকিৎসা সেৱা লাভ কৰিব অসমৰ আর্থিকভাৱে দুর্বল পৰিয়ালৰ ৰোগীয়ে৷
অসম চৰকাৰৰ অভিলাষী স্বাস্থ্য নিশ্চয়তা আঁচনি ‘অটল অমৃত অভিযান’ৰ অধীনত ৰাজ্যৰ দুখীয়া পৰিয়ালৰ লোকক সুলভ চিকিৎসা সেৱা প্রদানকাৰী চিকিৎসালয়সমূহৰ তালিকাত আজি নতুনকৈ অন্তর্ভুক্ত হ’ল ভেলোৰৰ শ্রীপুৰমস্থিত এই ছুপাৰ স্পেচিয়েলিটী চিকিৎসালয়খন৷
সোমবাৰে স্বাস্থ্যমন্ত্ৰী কেশৱ মহন্ত আৰু গুৱাহাটী উন্নয়ন-নগৰাঞ্চল উন্নয়ন বিভাগৰ মন্ত্ৰী অশোক সিংঘলৰ লগতে বড়োলেণ্ড ক্ষেত্ৰীয় পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য প্ৰমোদ বড়োৰ উপস্থিতিত অসম চৰকাৰৰ স্বাস্থ্য বিভাগ আৰু শ্ৰীনাৰায়ণী হস্পিতাল এণ্ড ৰিছাৰ্চ চেণ্টাৰৰ মাজত আনুষ্ঠানিক ভাৱে এখন বুজাবুজি চুক্তি স্বাক্ষৰিত হয়।
এই বুজাবুজি চুক্তি সম্পাদনৰ জৰিয়তে অসমৰ আৰ্থিক ভাৱে দুৰ্বল পৰিয়ালৰ ৰোগীৰ বাবে এতিয়াৰে পৰা সুদুৰ ভোলোৰত হৃদৰোগ, কৰ্কট, স্নায়ুৰোগ, ইউৰ’লজীৰ লগতে বৃক্ক সংস্থাপনৰ ক্ষেত্ৰত অত্যাধুনিক চিকিৎসা সেৱা লাভ কৰাটো অধিক সুচল আৰু সহজসাধ্য হৈ উঠিব।
Minister @TheAshokSinghal, MLAs @diganta68 & @manabdeka, P. Secy. H&FW, Comm. & Secy. Health, MD NHM, Directors DME, DHS & DHS (FW) CEO & Dy. CEO Atal Amrit Abhiyan, Assam, Director & Trustee @Snhrchosp Dr. N Balaji & other health officials were present. 2/2 pic.twitter.com/oGOsFq36Ur
— Keshab Mahanta (@keshab_mahanta) July 12, 2021
ভেলোৰৰ শ্ৰীশক্তি আম্মা হেল্থ কেয়াৰ ট্ৰাষ্টৰ দ্বাৰা পৰিচালিত ব্যক্তিগত চিকিৎসালয়খনে অসমৰ ৰোগীসকলক বিশেষ যত্ন লৈ চিকিৎসা সেৱা উপলব্ধ কৰাবলৈ মন্ত্ৰীগৰাকীয়ে আহ্বান জনায়।
অটল অমৃত অভিযান আঁচনিখনৰ অধীনত চিকিৎসালয়খনে অসমৰ আৰ্থিক ভাৱে দুৰ্বল পৰিয়ালৰ ৰোগীলৈ হৃদৰোগ, কৰ্কট, বৃক্ষ সংস্থাপন, মূত্ৰৰোগ, নিউৰ’ ছাৰ্জাৰী আদিৰ ক্ষেত্ৰত অত্যাধুনিক বিশেষজ্ঞ চিকিৎসা উপলব্ধ কৰিব।