ভৈৰৱকুণ্ডত বৃহৎ পৰিমাণৰ অৰুণাচলী সুৰা জব্দ, দুজনক গ্ৰেপ্তাৰ

January 8, 2022 0 By NEWS DESK

নিউজ ডেস্ক। পুনৰ বৃহৎ পৰিমাণৰ অৰুণাচলী সুৰা জব্দ।

সশস্ত্ৰ সীমা বাহিনী চমুকৈ এছএছবিৰ ২৩ নম্বৰ ভৈৰৱকুণ্ড বেটেলিয়নে চলোৱা এক তালাচী অভিযানত আঠ কাৰ্টুন অৰুণাচলী সুৰাসহ দুজনক আটক কৰা হয়।

এছএছবি বিষয়া আৰ এছ ভাণ্ডাৰীৰ নেতৃত্বত এটা দলে ওদালগুৰিৰ ভৈৰৱকুণ্ডৰ পৰা ওদালগুৰি অভিমুখে এ এছ-০১ এ-১৮৬১ নম্বৰৰ এখন অল্ট’ বাহনত সুৰা কঢ়িয়াই আনি থকা অৱস্থাত এজন যুৱক আৰু এজন কিশোৰক গ্ৰেপ্তাৰ কৰে।

গ্ৰেপ্তাৰ হোৱা যুৱকজনৰ নাম নৰেন্দ্ৰ বুলি এছএছবিয়ে জানিবলৈ দিছে।

জব্দকৃত ৮ কাৰ্টুন সুৰাসহ বাহনৰ স’তে ধৃত দুয়োগৰাকীকে ওদালগুৰি আৱকাৰী বিভাগৰ হাতত এছএছবিয়ে গতাই দিয়ে।

উল্লেখ্য যে অসম-অৰুণাচল সীমান্তত এনে অবৈধ বেহাৰ স’তে জড়িত তথা বন ধ্বংসৰ বিৰুদ্ধে এছএছবিয়ে ধাৰাবাহিক অভিযান চলাই আছে।

লগতে চাওকঃ

৩১ ডিচেম্বৰৰ দৰেই মাঘ বিহুতো সান্ধ্য আইন শিথিল কৰক! মুখ্যমন্ত্ৰীৰ প্ৰতি আহ্বান অখিল গগৈৰ