ভোট গণনাৰ পূৰ্বে কোকৰাঝাৰত বৃহৎ পৰিমাণৰ অস্ত্ৰ-শস্ত্ৰ উদ্ধাৰ…

May 1, 2021 0 By Biraj Kalita

ভোট গণনাৰ পূৰ্বে কোকৰাঝাৰত বহু পৰিমাণৰ অস্ত্ৰ-শস্ত্ৰ উদ্ধাৰ।

কোকৰাঝাৰ আৰক্ষীয়ে জিলাখনৰে উল্টাপানী সংৰক্ষিত বনাঞ্চলৰ দীঘলীপাৰৰ ৰাইড নং ৪ আৰু ৫ ত অভিযান চলাই বিশাল অস্ত্ৰ-শস্ত্ৰ উদ্ধাৰ কৰে।

সংবাদমেল যোগে এই কথা সদৰী কৰিছে বিটিআৰৰ বিশেষ আৰক্ষী সঞ্চালক এল আৰ বিষ্ণই৷

উদ্ধাৰ হোৱা অস্ত্ৰ শস্ত্ৰ সমূহৰ ভিতৰত আছে- তিনিটা একে ৫৬ ৰাইফল, এটা মেগজিন আৰু ৬৫ ৰাউণ্ড সক্ৰিয় গুলী৷

সংবাদমেলত বিটিআৰৰ আইজিপি এল আৰ বিষ্ণুই শ্ৰীৰামপুৰত যোৱা ২৬ এপ্ৰিলত বন্ধন বেংকৰ পৰা পাঁচ লাখ টকা লুটি নিয়া অস্ত্ৰধাৰী গোটটোৰ ব্যবহৃত অস্ত্ৰ-শস্ত্ৰ আছিল বুলি সন্দেহ প্ৰকাশ কৰিছে।

উল্লেখ্য যে ইতিমধ্যে আৰক্ষীয়ে শুকুৰবাৰে নিশা বন্ধন বেংকত ডকাইতি কাণ্ডত জড়িত প্ৰাজীৱ শীল বসুমতাৰী(১৯)ক আটক কৰাৰ লগতে এটা ৭’৬৫ পিষ্টল আৰু বলেৰো গাড়ী এখনো উদ্ধাৰ কৰিবলৈ সক্ষম হৈছিল৷