ভ্ৰাম্যমান জগতৰ বৰ্ষীয়ান শিল্পী অনুপমা ভট্টাচাৰ্যলৈ ১লাখ টকাৰ অনুদান ৰাজ্য চৰকাৰৰ…

May 25, 2021 0 By Biraj Kalita

ভ্ৰাম্যমান জগতৰ বৰ্ষীয়ান শিল্পী অনুপমা ভট্টাচাৰ্যলৈ ১লাখ টকাৰ অনুদান ৰাজ্য চৰকাৰৰ।

মুখ্যমন্ত্ৰীৰ নিৰ্দেশ মৰ্মে সাংস্কৃতিক পৰিক্ৰমা মন্ত্ৰী বিমল বৰাই শিল্পীগৰাকীক প্ৰদান কৰে ১ লাখ টকাৰ চেক।

ভ্ৰাম্যমান থিয়েটাৰৰ প্ৰথমগৰাকী শিল্পী অনুপমা ভট্টাচাৰ্য।

অসমৰ প্ৰথমখন ভ্ৰাম্যমান থিয়েটাৰ ‘নটৰাজ থিয়েটাৰ’ৰ প্ৰথমগৰাকী নায়িকা অনুপমা ভট্টাচাৰ্য।

মহানগৰীৰ লখিমীনগৰৰ বাসগৃহত উপস্থিত হৈ মন্ত্ৰী বৰাই চেক প্ৰদান কৰে বৰ্ষীয়ান শিল্পীগৰাকীক।

সংবাদ মাধ্যমৰ আগত মন্ত্ৰী বিমল বৰাই কয়, ‘অসমৰ প্ৰথমখন ভ্ৰাম্যমান থিয়েটাৰ ‘নটৰাজ থিয়েটাৰ’ৰ প্ৰথমগৰাকী নায়িকা অনুপমা ভট্টাচাৰ্যৰ খবৰ ল’বলৈ আমি আজি তেখেতৰ বাসগৃহলৈ আহিছিলোঁ। মুখ্যমন্ত্ৰী ডাঙৰীয়াই আমাক বাইদেউৰ খবৰ লোৱাৰ বাবে নিৰ্দেশ দিছিল। আজি আমাৰ চৰকাৰে বাইদেউলৈ আগবঢ়োৱা কিছু আৰ্থিক সাহায্য তেওঁৰ হাতত প্ৰদান কৰা হ’ল।’