ভয়ংকৰ! অকলশৰীয়া বৃদ্ধ দম্পতিৰ ঘৰত অগ্নি সংযোগ দুৰ্বৃত্তৰ, কথমপি প্ৰাণৰক্ষা

October 12, 2021 0 By NEWS DESK

নিউজ ডেস্ক। এক অমানৱীয় তথা ভয়ংকৰ কাণ্ড!

নিশা শুই থকা অৱস্থাতে এহাল অকলশৰীয়া বৃদ্ধ দম্পতিৰ ঘৰত দুৰ্বৃত্তৰ অগ্নিসংযোগ।

গােলাঘাট জিলাৰ মৰঙীত সংঘটিত হৈছে এক অমানৱীয় কাণ্ড।

মৰঙীত ২নং ফলঙনিত সংঘটিত হৈছে এই ভয়ংকৰ অমানৱীয় কাণ্ড।

নিশা নুমলীগড়ৰ ২নং ফলঙনিত এহাল বৃদ্ধ দম্পতিৰ ঘৰত অগ্নিসংযোগ কৰে দুৰ্বৃত্তই।

২নং ফলঙনিৰ বিপিন গগৈ নামৰ অৱসৰপ্ৰাপ্ত শিক্ষকগৰাকীৰ ঘৰৰ গোহালিত নিশা দপ্দপকৈ জ্বলি উঠে জুই।

স্থানীয় ৰাইজৰ সহযোগত নিশা অগ্নিনিৰ্বাপন কৰিবলৈ সক্ষম হয়। যাৰবাবে প্ৰাণ ৰক্ষা পৰে বৃদ্ধ দম্পতিৰ।

ৰাতিপুৱা উঠি প্ৰত্যক্ষ কৰে নিশা জ্বলা ঘৰটোৰ কাষতে গেলানৰ ঢাকনি আৰু কাষৰ বননিত তেল জাতীয় কিবা জুলীয়া পদাৰ্থ পৰি থকাৰ চিন।

তাৰ পিছতে বাসগৃহৰ গাতে লাগি থকা গাড়ী থোৱা বেৰতো প্ৰত্যক্ষ কৰে একে জুলীয় পদাৰ্থ চতিয়াই থোৱাৰ চিন।

সমগ্ৰ পৰিৱেশ প্ৰত্যক্ষ কৰি সন্দেহ উপজি গেলান ঢাকনিখন চাওঁতে তাত ডিজেলৰ গোন্ধ পায়।

তাৰ পিছতে সমগ্ৰ ঘটনাৰ বিষয়ে বগীজান আৰক্ষীক অৱগত কৰে। উক্ত ঘটনাক কেন্দ্ৰ কৰি সমগ্ৰ অঞ্চলটোতে চাঞ্চল্যই বিৰাজ কৰিছে।