ভয়ংকৰ অগ্নিকাণ্ডঃ জুইত জাহ গ’ল ২০ খনৰো অধিক দোকান…
March 21, 2022হাইলাকান্দি জিলাৰ কাটলিছেৰা সমষ্টিৰ ঘাৰমুৰা বজাৰত ভয়ংকৰ অগ্নিকাণ্ড।
জুইত জাহ গ’ল ২০ খনৰো অধিক দোকান।
দেওবাৰৰ নিশা প্ৰায় ২ মান বজাত সংঘটিত হৈছে এই অগ্নিকাণ্ড।
অগ্নিকাণ্ডৰ ফলত প্ৰায় ২০ খন দোকান জুইত ছাৰখাৰ হয়।
যাৰ ফলত প্ৰায় ৩০ লক্ষাধিক টকাৰ ক্ষতি সাধন হৈছে বুলি জানিব পৰা গৈছে।
প্ৰাথমিক তদন্তত কোনো বিশেষ তথ্য জানিব পৰা হোৱা নাই।
অৱশ্যে স্থানীয় ৰাইজৰ সন্দেহ শ্বৰ্ট চাৰ্কিটৰ ফলতে এই ভয়ংকৰ অগ্নিকাণ্ড সংঘটিত হৈছে।