ভয়ংকৰ অগ্নিকাণ্ডঃ জুইত ভস্মীভূত গাড়ী, গেৰেজ, বাসগৃহ…

July 21, 2021 0 By Biraj Kalita

মাৰ্ঘেৰিটাত ভয়ংকৰ অগ্নিকাণ্ড।

ভয়ংকৰ জুইত গেৰেজ, বাসগৃহ, গাড়ী সম্পূৰ্ণ ভস্মীভূত।

তিনিচুকিয়া জিলাৰ মাৰ্ঘেৰিটাৰ চাংলাং তিনিআলিত সন্ধিয়া ৭ঃ৩০ বজাত এই অগ্নিকাণ্ড সংঘটিত হৈছে৷

বিধান দেব নামৰ ব্যক্তিজনৰ মালিকাধীন গেৰেজত প্ৰথমে অগ্নিকাণ্ডৰ সূত্ৰপাত হয়।

এই অগ্নিকাণ্ডত গেৰেজটোত থকা কেইবাখনো গাড়ীসহ জ্বলী ভস্মীভূত হয়।

গেৰেজৰ কাষতে থকা বিধান দেৱৰ বাসগৃহটোলৈ জুই সংক্ৰমিত হোৱাত ঘৰটোৰ সামগ্ৰীসমূহ ভস্মীভূত হয়।

প্ৰায় ২০ লাখ টকাৰ সা-সম্পত্তি ক্ষতিগ্ৰস্ত হোৱা বুলি জনিব পৰা গৈছে।

অগ্নিকাণ্ডৰ ফলত কেইবাটাওঁ গেছ চিলিণ্ডাৰ বিস্ফোৰণ হয়৷

অগ্নিকাণ্ডৰ কাৰণ এই মুহুৰ্তলৈকে জানিব পৰা হোৱা নাই।