ভয়ংকৰ অগ্নিকাণ্ডত ভস্মীভূত দুটাকৈ ঘৰ, আহত ১

September 3, 2021 0 By NEWS DESK

নিউজ ডেস্ক। কামৰূপ জিলাৰ পলাশবাৰী সমষ্টিৰ নহিৰাৰ ঝাৰপাৰাত ভয়ংকৰ অগ্নিকাণ্ড।

নিশা প্ৰায় ১০ বজাত সূত্ৰপাত ঘটা এই জুইৰ ফলত কথমপি ৰক্ষা পৰে বৃহত্তৰ অঞ্চলবাসী।

উল্লেখ্য যে বৃহস্পতিবাৰে নিশা ঝাৰপাৰা নিবাসী কনক কুমাৰ নামৰ ব্যক্তিজনৰ ঘৰত নিশা ভাত ৰান্ধি থকা অৱস্থাত ৰন্ধন গেছ চিলিণ্ডাৰত জুই লাগি গোটেই ঘৰটো অগ্নিয়ে চানি ধৰে ফলত জ্বলি চাৰখাৰ হয় কনক কুমাৰৰ দুটাকৈ বাসগৃহ।

উক্ত অগ্নিকাণ্ড সংঘটিত হোৱাত সমগ্ৰ অঞ্চলটোতে হুৱাদুৱা লাগি পৰে আৰু স্থানীয় ৰাইজে পানী, বালি আদিৰে জুই নিৰ্বাপন কৰিবলৈ সক্ষম হয়।

ইফালে ঘটনাটো সংঘটিত হোৱাৰ লগে লগে অগ্নি নিৰ্বাপক বাহিনীক খবৰ দিয়ে যদিও স্থানীয় ৰাইজে অগ্নি নিয়ন্ত্ৰণ কৰাৰ পিছতহে উপস্থিত হয় অগ্নি নিৰ্বাপক বাহিনী তথা আৰক্ষী।

উক্ত অগ্নিকাণ্ডত কনক কুমাৰৰ ভায়েক ধন কুমাৰ গুৰুতৰভাৱে আহত হয় আৰু আৰক্ষীয়ে আহত ধন কুমাৰক চিকিৎসাৰ বাবে প্ৰেৰণ কৰে।