ভয়ংকৰ অগ্নিকাণ্ড! জুইত জাহ গ’ল ১৬ খনকৈ দোকান, ৩টা বাসগৃহ…
March 30, 2022এক অতি ভয়ংকৰ অগ্নিকাণ্ড।
জুইত জাহ গ’ল ১৬ খনকৈ দোকান, ৩টা বাসগৃহ।
নিশা ২ মান বজাত টেঙাখাতৰ মাজমজিয়াত সংঘটিত হয় এক ভংয়কৰ অগ্নিকাণ্ড।
এই অগ্নিকাণ্ডত লাখ লাখ টকাৰ সা-সম্পত্তি জ্বলি ছাই হয়।
ইপিনে অগ্নিকাণ্ড সংঘটিত হোৱাৰ প্ৰায় এক ঘণ্টাতকৈও অধিক সময়ৰ পাছত অগ্নিনিৰ্বাপক বাহিনী আহি উপস্থিত হোৱাত সাধাৰণ ৰাইজে ক্ষোভ প্ৰকাশ কৰে।
অগ্নিনিৰ্বাপক বাহিনী সময়মতে উপস্থিত হোৱা হ’লে অগ্নিকাণ্ডত বিস্তৰ ক্ষয় ক্ষতি হবলৈ নাপালেহেঁতেন বুলি দাবী কৰিছে স্থানীয় ৰাইজে।
৩টাকৈ গেছ চিলিণ্ডাৰ ব্লাষ্ট হৈ নিজ টেঙাখাতৰ প্ৰয়াত শিক্ষয়ত্ৰী এলিজা বেগমৰ নকৈ সজা বাসগৃহটি সম্পূৰ্ণৰূপে এই অগ্নিকাণ্ডত জাহ যায়।
নিচেই কাষতে থকা অইল ইণ্ডিয়া লিমিটেডৰ অগ্নিনিৰ্বাপক বাহিনী উপস্থিত হৈ ৩ ঘণ্টা জোৰা নেৰানেপেৰা চেষ্টাৰ অন্তত জুই নুমুৱাবলে সক্ষম হয় যদিও টেঙাখাত মূল অঞ্চলত অগ্নিনিৰ্বাপন কেন্দ্ৰ স্থাপনৰ দাবী জনাইছে ৰাইজে।