ভয়ংকৰ অগ্নিকাণ্ড! জুইত ভস্মীভূত পাঁচটাকৈ পৰিয়ালৰ সা-সম্পত্তি

October 19, 2021 0 By NEWS DESK

নিউজ ডেস্ক। তিনিচুকীয়া জিলাৰ জাগুনত ভয়ংকৰ অগ্নিকাণ্ড, অগ্নিকাণ্ডত বিধ্বস্ত হয় পাঁচটাকৈ পৰিয়ালৰ সা-সম্পত্তি।

জাগুনৰ প্ৰণৱ শৰ্মা নামৰ ভাড়াঘৰত সংঘটিত হয় এই অগ্নিকাণ্ড।

মূহুৰ্ততে চাৰিটাকৈ ৰন্ধনগেছ চিলিণ্ডাৰৰ বিস্ফোৰণৰ ফলত বিধ্বংসী ৰূপ লয় অগ্নিকাণ্ডই। ফলত বিস্তৰ ক্ষতিৰ সন্মুখীন হ’বলগীয়া হ’ল সংশ্লিষ্ট পৰিয়ালকেইটাই।

স্থানীয় ৰাইজৰ চেষ্টাত জুই নুমুৱাবলৈ সক্ষম হয় যদিও সম্পত্তিৰ নামত একো সামগ্ৰীয়েই উলিবলৈ সক্ষম নহ’ল।

উক্ত অগ্নিকাণ্ড বৈদ্যুতিক চৰ্টশ্বাৰ্কিটৰ ফলত সূত্ৰপাত হয় বুলি সন্দেহ কৰা হৈছে।

ভাড়াঘৰতটোত থকা পাঁচটা পৰিয়ালৰ সা-সামগ্ৰী সম্পূৰ্ণৰূপে জাহ যায়।

প্ৰায় ত্ৰিশ লক্ষাধিক টকাৰ সা-সম্পত্তি সম্পূৰ্ণৰূপে ভস্মীভূত হয়।

ঘটনাস্থলীত পলমকৈ উপস্থিত অগ্নিনিৰ্বাপক বাহিনীৰ গাড়ী, যাৰ বাবে ক্ষােভিত হৈ পৰে স্থানীয় ৰাইজ।