ভয়ংকৰ অগ্নিকাণ্ড! ৮টাকৈ চিলিণ্ডাৰ বিস্ফোৰণ, ২৫ টাৰো অধিক বাসগৃহ ভস্মীভূত…
June 30, 2021ডিব্ৰুগড়ত ভয়ংকৰ অগ্নিকাণ্ড!
ডিব্ৰুগড়ৰ গ্ৰেহেম বজাৰ তিনিকোণীয়াত সংঘটিত হৈছে অগ্নিকাণ্ডৰ ঘটনা।
অগ্নি কাণ্ড সংঘটিত হোৱাৰ ফলত বিস্ফোৰিত হয় ৮ টাকৈ ৰন্ধন গেছৰ চিলিণ্ডাৰ।
যাৰ ফলত জুইত জাহ গ’ল ২৫ টাকৈ বাসগৃহ।
সন্ধিয়া ৬.৩০ বজাত সংঘটিত এই অগ্নিকাণ্ড।
স্থানীয় লোকে চৰ্ট চাৰ্কিটৰ ফলতে এই ঘটনা সংঘটিত হৈছে বুলি আশংকা কৰিছে।
ভস্মীভূত হোৱা ঘৰ কেইটা মনিষ চাকচেনা নামৰ ব্যক্তিজনৰ বুলি জানিব পৰা গৈছে।
আটাইকেইতা ঘৰ মনিষ চাকচেনাই ভাড়ালৈ দিছিল।
আটাইকেইতা ঘৰতেই আছিল আৱাসী।