ভয়ংকৰ গৰাখহনীয়াত জাহ গ’ল শ শ বিঘা কৃষি ভূমি, সৰ্বস্ব হেৰুৱাই নিঠৰুৱা বহু পৰিয়াল…

July 5, 2021 0 By Biraj Kalita

ভয়ংকৰ গৰাখহনীয়াৰ কবলত নগৰবেৰাৰ পাৰ্শ্চৱৰ্তী দক্ষিন বৰপেটাৰ বৃহত্তৰ কাছুমাৰাৰ বিভিন্ন অঞ্চল।

লুইতৰ গৰাখহনীয়ত ইতিমধ্যে জাহ গৈছে ডাংগীপাৰা কাশিমপুৰ প্ৰাথমিক বিদ্যালয়কে আদি কৰি বিভিন্ন অনুষ্ঠান-প্ৰতিষ্ঠান ,শ-শ বিঘা কৃষি ভুমি ,বহু লোকৰ ঘৰ-দুৱাৰ।

গৰাখহনীয়াই সৰ্বস্বান্ত কৰা বহু পৰিয়াল ঘৰ দুৱাৰ হেৰুৱাই এই দৰে আশ্ৰয় লৈছে ওখ ঠাইত।

শেহতীয়াকৈ নৈৰ খহনীয়াই কাছুমাৰা আঞ্চলিক বজাৰ খনৰ উপৰি চৰকাৰী বিভিন্ন অনুষ্ঠানলৈ তীব্ৰ ভাবুকিৰ সৃষ্টি কৰাত শংকিত হৈ পৰিছে অঞ্চলবাসী।

ব্ৰহ্মপুত্ৰৰ খহনীয়াই কাল ৰূপ ধাৰণ কৰাত নিদ্ৰা হৰিছে ৰাইজৰ ,শীঘ্ৰে গৰাখহনীয়া প্ৰতিৰোধৰ ব্যৱস্থা কৰিবলৈ ৰাজ্য মুখ্য মন্ত্ৰী, বৰপেটাৰ সাংসদ তথা চেঙাৰ নৱ নিৰ্বাচিত বিধায়কলৈ কাতৰ আহ্বান জনাইছে ভুক্তভোগী গয়াই।

প্ৰশ্ন হয়-জোৰ পুৰি হাত পোৱাৰ পূৰ্বে অঞ্চলটোৰ খহনীয়া প্ৰতিৰোধৰ বাবে আঁচনি যুগুতাবনে ৰজাঘৰীয়াই?