ভয়ংকৰ ঘটনা! হঠাৎ দপদপকৈ জ্বলি উঠিল ৰখাই থোৱা এখন বাছ, জুইত ভস্মীভূত ‘নাৰগিছ’…
March 19, 2022বকোৰ সোণতলীত নিশা বিধ্বংসী অগ্নিকাণ্ড।
হঠাৎ দপদপকৈ জ্বলি উঠিল এখন ৰখাই থোৱা বাছ।
সোণতলী বাছ আস্থানত ৰখাই থোৱা অৱস্থাত নিশা প্ৰায় ১১ঃ৩০ বজাত জ্বলি উঠে বাছ খন।
যাৰ ফলত সম্পুৰ্ণৰূপে ভস্মীভূত হয় ‘নাৰগিছ’ নামৰ বাছখন
এই পৰ্যন্ত জানিব পৰা হোৱা নাই অগ্নিকাণ্ডৰ সুত্ৰপাতৰ কাৰণ।
ভয়ংকৰ বিপদৰ পৰা ৰক্ষা পৰে সোণতলী বজাৰখন।
ৰাইজে বহু চেষ্টাৰ অন্তত জুই নুমাবলৈ সক্ষম হয়।
শীঘ্ৰে সোণতলীত জুই নিৰ্বাপক কেন্দ্ৰ স্থাপন দাবী জনাইছে ৰাইজে।