ভয়ংকৰ দুৰ্ঘটনা! নিয়ন্ত্ৰণ হেৰুৱাই পথৰ দাঁতিৰ বিদ্যুতৰ খুঁটাত খুন্দ বাইক আৰোহীৰ, মৃত্যু…
March 20, 2022এক ভয়ংকৰ পথ দুৰ্ঘটনা।
নিয়ন্ত্ৰণ হেৰুৱাই পথৰ দাঁতিৰ বিদ্যুতৰ খুঁটাত খুন্দ বাইক আৰোহীৰ।
দুৰ্ঘটনাৰ ফলত মৃত্যু মুথত পৰে এজন যুৱক।
চৰাইদেউ জিলাৰ মথুৰাপুৰ আৰক্ষী থানাৰ অন্তৰ্গত মাইবেলাত শনিবাৰে পুৱা সংঘটিত এই দুৰ্ঘটনাটো।
জানিব পৰা মতে নিমনাগড়ৰ পৰা সোণাৰি দিশে তীব্ৰবেগেৰে গৈ থকা সময়তে মাইবেলা অঞ্চলত নিয়ন্ত্ৰণ হেৰুৱাই পথৰ দাঁতিত থকা এটা বিদ্যুতৰ খুঁটাত প্ৰচণ্ড জোৰেৰে খুন্দা মাৰে।
ঘটনাটোত গুৰুতৰ ভাৱে আহত বাইক আৰোহী যুৱকজনক আৰক্ষীৰ সহযোগত ততাতৈয়াকৈ ডিব্ৰুগড়ৰ অসম চিকিৎসা মহাবিদ্যালয়লৈ প্ৰেৰণ কৰা হয় যদিও পাছত তেওঁৰ মৃত্যু হয়।
নিহত যুৱক গৰাকী চৰাইদেউ জিলাৰ নিমনাগড় অঞ্চলৰ মোস্তাদিক আহমেদ(২৮) বুলি জানিব পৰা গৈছে।
দুৰ্ঘটনাগ্ৰস্ত মটৰ চাইকেলখনৰ নম্বৰ এএছ০৪ জেড ২৭৯৩ ।