ভয়ংকৰ দুৰ্ঘটনা! নিয়ন্ত্ৰণ হেৰুৱাই চাহপাত কঢ়িয়াই নিয়া ট্ৰাক বাগৰিল নদীত, দুজনৰ মৃত্যু…
July 13, 2021এক ভয়ংকৰ পথ দুৰ্ঘটনা।
নিয়ন্ত্ৰণ হেৰুৱাই চাহপাত কঢ়িয়াই নিয়া ট্ৰাক বাগৰিল নদীত।
দুৰ্ঘটনাটোৰ ফলত চালকৰ লগতে আন এজনৰ মৃত্যু।
গোসাইগাঁও মহকুমাৰ গুৰুফেলাত ৩১ নং ৰাষ্ট্ৰীয় ঘাই পথত পথ দুৰ্ঘটনাটো সংঘটিত হয়।
১১ জুলাইৰ নিশা প্ৰায় ১১ বজাত চাহপাত কঢ়িয়াই নিয়া UP78-FT9718 নম্বৰৰ এখন ট্ৰাক নিয়ন্ত্ৰণ হেৰুৱাই নদীত পৰি যায়৷
ফলত ট্ৰাকৰ চালক-খালাচী মন্নি সিং আৰু বিশু সিং ঘটনাস্থলীতে মৃত্যু হয়৷
নিহতদ্বয় উত্তৰ প্ৰদেশৰ নিবাসী বুলি জানিব পৰা গৈছে৷
গুৱাহাটীৰ পৰা গুজৰাট অভিমুখে গৈ থকা ট্ৰাকখন ৰাষ্ট্ৰীয় ঘাইপথত ডাইভাৰচন লওতে নিয়ন্ত্ৰন হেৰুৱাই নদীত পৰে৷
ঘটনাস্থলীত আৰক্ষী উপস্থিত হৈ গোটেই নিশা উদ্বাৰ অভিযান চলাই ট্ৰাকখন আৰু মৃতদেহ উদ্ধাৰ কৰে।